অসম লাইভ ২৪ : অসমীয়া বোলছবি জগতৰ কৌতুক অভিনেতা, প্ৰসিদ্ধ ফটোগ্ৰাফাৰ তথা সাংবাদিক হৰি বিনোদ বৰ্মা ওৰফে ‘ডব্লিউ’ৰ ৭৫ বছৰ বয়সত মৃত্যু ঘটে। ডিব্ৰুগড়ৰ শান্তিপাৰাস্থিত নিজ বাসগৃহত মৃত্যু হয় বৰ্মাৰ। দীৰ্ঘদিন বিভিন্ন ৰোগত ভুগি আছিল ফটোগ্ৰাফাৰজন। সত্তৰ-আশী দশকৰ ডিব্ৰুগড়ৰ চুটি–চাপৰ, ডিঙিত এটা কেমেৰা লৈ ফুৰা ষ্টাইলিছ ব্যক্তিজনক ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱেই চিনি পাইছিল ‘ডব্লিউদা’ বুলি আধুনিক অসমৰ বাটকটীয়া আছিল ‘ডব্লিউ’। ১৯৭০ চনত ফটোগ্ৰাফীক জীৱনৰ জীৱিকা হিচাপে গ্ৰহণ কৰিছিল। কেমেৰাৰ লেন্সত আবদ্ধ কৰি ৰাখিছিল অনেক প্ৰসিদ্ধ লোকক। এজন অভিনেতা হিচাপে অসমীয়া ছুপাৰহিট বোলছবিৰ লগতে বাঙালী আৰু উড়িয়া ছবিতো সুনাম অৰ্জন কৰিছে। সাংবাদিকতাৰ ক্ষেত্ৰত তেখেতৰ আছে যথেষ্ট অৱদান। বিভিন্ন ছপা মাধ্যমত ফটো সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল। সমাজ আৰু সাংবাদিকতালৈ যোগোৱা অনবদ্য বৰঙনিৰ বাবে ‘ডব্লিউ’ বিভিন্ন ক্ষেত্ৰত বঁটা আৰু সন্মান বুটলিবলৈ সক্ষম হৈছিল। পৰিতাপৰ বিষয় যে জীৱিত কালত কোনোধৰণৰ চৰকাৰী সন্মান লাভ নকৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















