অসম লাইভ২৪ঃ নতুন বছৰত পিকনিকলৈ যাবলৈ সাজু হৈছে? পিকনিক প্লেন কৰাৰ পূৰ্বেই জানি লওক চৰকাৰে জাৰি কৰা এইসমূহ নিৰ্দেশনা৷ নতুন বছৰত পিকনিকলৈ যোৱাসকলে মানিব লাগিব ১৭ টা নিয়ম৷
অনুমতি নোলোৱাকৈ যাব নোৱাৰিব বনভোজস্থলীলৈ
বনভোজস্থলীত পেলাব নোৱাৰিব প্লাষ্টিকজাত সামগ্ৰী
বনভোজ শেষ হোৱাৰ পাছত পৰিষ্কাৰ কৰিব লাগিব সেই এলেকা
বনভোজস্থলীত গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আদিৰ ওপৰতো নিষেধাজ্ঞা
বনভোজস্থলীত জুৱা নাইবা কোনো নিষিদ্ধ খেল খেলিব নোৱাৰিব
মাছ ধৰা, নাও চলোৱা, সাঁতোৰা আদিৰ ওপৰতো নিষেধাজ্ঞা
উচ্চ প্ৰাবল্যৰ সংগীত, ডি জে আদিৰ ক্ষেত্ৰতো বাধা আৰোপ
দীপৰবিলৰ সমীপবৰ্তি অঞ্চলত সৃষ্টি কৰিব নোৱাৰিব হূলস্থুলীয়া পৰিবেশৰ
বনভোজস্থলীত থকা কোনোধৰণৰ বেনাৰ, পোষ্টাৰ আঁতৰ কৰিব নোৱাৰিব লোকসকলে
বনভোজস্থলীত গছ-গছনি কটাৰ ওপৰতো নিষেধাজ্ঞা
পিকনিকস্থলীত খাদ্যসামগ্ৰীৰ দোকান দিয়াতো বাধা আৰোপ
বনভোজস্থলীত আতচবাজী ফুটোৱাৰ ওপৰতো বাধা আৰোপ
বনভোজস্থলীত ধূমপান কৰা আৰু সুৰা সেৱনতো নিষেধাজ্ঞা
পিকনিকস্থলীত যোগান ধৰা নহয় বিদ্যুতৰ
বনভোজস্থলীত চাইকেল নাইবা বাহন চলাব নোৱাৰিব
পিকনিকস্থলীত কোনোধৰণৰ ধৰ্মীয় নাইবা ৰাজনৈতিক অনুষ্ঠান কৰিব নোৱাৰিব
বনভোজস্থলীৰ অনুমতি মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা আগতীয়াকৈয়ে ল’ব লাগিব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ