কথাতেই কোৱা হয় পৰিশ্ৰমী আৰু সাহসীলোকক ভাগ্যই সদায়ে সংগ দিয়ে৷ এই প্ৰবাদৰ জলন্ত উদাহৰণ প্ৰয়াগৰাজৰ বাসিন্দা নৌকা চালক পিণ্টু মাহাৰা৷ ৪৫ বছৰীয়া এইগৰাকী ব্যক্তিয়ে মহাকুম্ভত নৌকা চলাই আয় কৰিছে ৩০ কোটি টকা৷ পিণ্টুৰ সাফল্যৰ কাহিনীক লৈ চৰ্চা কৰিছে বিধানসভাত৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰিছে পিণ্টুৰ কথা৷
পেছাত নৌকা চালক পিণ্টুয়ে ত্ৰিবেণী নদীৰ তীৰত অৱস্থিত প্ৰয়াগৰাজৰ নৈনিৰ আৰাইল এলেকাৰ বাসিন্দা৷ নৌকা চলোৱাটো তেওঁৰ পাৰিবাৰিক পেছা৷ এদিন মাত্ৰ কেইশ মান আয় কৰিয়েই সন্তুষ্ট থাকে এইসকল মাঝি৷ কিন্তু মহাকুম্ভ আৰম্ভ হোৱাৰ পাছতেই খুলিল পিণ্টুৰ ভাগ্য৷ স্থিৰ কৰি লয় যে নৌকা চলাব তেওঁ৷ তাৰবাবে তেওঁ কেইবাখনো নৌকা কেইবা লাখ টকাৰে কিনি পেলায়৷ ঘৰৰ লোকসকলে পোনতে মত দিয়া নাছিল যদিও পিণ্টু সাহসেৰে আগবাঢ়িল৷ আৰু তেওঁৰ সেই সিদ্ধান্তই এতিয়া কোটিপতি মাঝিৰূপে দেশত পৰিচিত কৰি তুলিছে পিণ্টুক৷
মহাকুম্ভই বহু মানুহৰেই জীৱন সলনি কৰিছে৷ বাঢ়িছে ৰোজগাৰ৷ বিধানসভাত এইসমূহ চৰ্চা চলাৰ সময়তেই ৪মাৰ্চত পিণ্টু মাহাৰাৰ সাফল্যৰ কথা তুলি ধৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ জনায় যে এজন নৌকাচালক আৰু তেওঁৰ পৰিয়ালে মাত্ৰ ৪৫ দিনত ৩০ কোটি আয় কৰিছে৷ নৌকাচালক পিণ্টু ১৩০ খন নৌকাৰ মালিক আছিল, প্ৰতিখন নৌকাৰ পৰা গড়ে ২৩ লাখকৈ তেওঁৰ লাভ হৈছে৷
যোগীৰ কথাত পিণ্টু মাহাৰাই মহাকুম্ভৰ পূৰ্বে ৭০খন নৌকা কিনিছিল৷ প্ৰতিখন নৌকাৰ দাম আছিল ৮০,০০০ টকা, যাৰ বাবে তেওঁৰ ওচৰত পৰ্যাপ্ত ধনো নাছিল৷ সেয়ে তেওঁ পত্নীৰ গহনা বিক্ৰি কৰিব লগাও হৈছিল৷ আনকি মাটিও বন্ধকত ৰাখিব লগা হৈছিল৷ পৰিয়ালৰ মহিলাসকলে গহনা বিক্ৰিৰ পদক্ষেপৰ বিৰোধিতা কৰিছিল কিন্তু তাত পিণ্টুৰ সিদ্ধান্ত সলনি নহ’ল৷
নিজৰ সিদ্ধান্তত অটল পিণ্টুৰ জীৱন এতিয়া সম্পূৰ্ণ সলনি৷ মহাকুম্ভত বিপুল পৰ্যটকৰ ভিৰত তেওঁৰ কোনো এখন নৌকাও পৰি থকা নাই৷ প্ৰতিদিনে প্ৰতিখন নৌকাৰ পৰা তেওঁ আয় কৰিছে ৫০ৰ পৰা ৫২হাজাৰ টকা৷ অৰ্থাৎ ৪৫ দিনত তেওঁ একোখন নৌকাৰ পৰা গড়ে ২৩ লাখ টকাকৈ উপাৰ্জন কৰিছে৷ মহাকুম্ভৰ পৰা নিজৰ জীৱনেই সুৰক্ষিত কৰিছে তেনে নহয়, পিণ্টুৱে তেওঁৰ উত্তৰপ্ৰজন্মৰ জীৱনো সুৰক্ষিত কৰি তুলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ