অসম লাইভ২৪ঃ সমালোচনাৰ উৰ্ধত এই মহানুভৱতা৷ প্ৰতিসময়তে পীয়ুষ হাজৰিকাক প্ৰায়সংখ্যক লোকেই সমালোচনা কৰে৷ প্ৰতিটো কথা প্ৰতিটো কামতেই সমালোচনা চলে৷ মনে মনে এই মানুহজনেই কৰি আছে কিছু মহৎ কামো৷ সেই মহৎ কামৰ চৰ্চা কিন্তু খুব কমেই হয়৷ পীয়ুষ হাজৰিকাই গোপনে কৰা এই কাম জানিলে আপুনিও তেওঁক ধন্যবাদ জ্ঞাপন কৰাত কৃপণালী নকৰে৷
তিনিটা ঘাটমাউৰা শিশু৷ আপোন বুলিবলৈ তিনিওৰে কাষত কোনো নাই৷ খুব কম বয়সতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা সেই শিশুকেইটিৰ কাষত থিয় হ’বলৈকো কোনো নাছিল৷ সেই শিশুকেইটিৰ কাষত থিয় হ’ল মন্ত্ৰী পীয়ুষ হাজৰিকা৷ থিয় হোৱাই নহয় শিশুকেইটিৰ ভৱিষ্যৎ সুৰক্ষিত হোৱাকৈ কৰি পেলালে মহৎ কাম৷ তিতাবৰৰ পিতৃ-মাতৃহীন শিশুকেইটাৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াস গ্ৰহণ কৰিছে মন্ত্ৰী পীয়ুষে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ