দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ দায়িত্ব ল’লে নৰেন্দ্ৰ মোদীয়ে৷ ইয়াৰপাছতেই সোমবাৰে বৃহৎ সিদ্ধান্ত হৈছে নৰেন্দ্ৰ মোদীয়ে৷ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হৈ নৰেন্দ্ৰ মোদীৰ প্ৰথমটো স্বাক্ষৰ এইবাৰ পিএম কিষাণ যোজনাৰ ফাইলত৷ ১০ জুন সোমবাৰৰ পৰাই কিষাণ সন্মান নিধিৰ ১৭ তম কিস্তিৰ টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ পঠিওৱাৰ ব্যৱস্থা কৰিলে কেন্দ্ৰীয় চৰকাৰে৷
এইবাৰ প্ৰায় ২০, ০০০ কোটি টকা কৃষকৰ উদ্দেশ্যে মুকলাই দিয়া হৈছে৷ এই স্কিমৰ সুবিধা লাভ কৰিব প্ৰায় ৯.৩ কোটি কৃষক পৰিয়ালে৷ পিএম মোদীয়ে এই প্ৰসংগত কয়, ‘আমাৰ চৰকাৰ কৃষকৰ কল্যাণৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ৷’ দায়িত্ব লৈয়েই মোদীয়ে প্ৰথমটো ফাইলত চহী কৰিছে৷ সেই ফাইল কিষাণ নিধিৰ ফাইল৷ কৃষি কল্যাণৰ সৈতে জড়িত ফাইল৷ মোদীয়ে চহী কৰিয়েই কয়, ‘আমি এই সময়ত কৃষক আৰু কৃষিভূমিক লৈ আৰু বেছিকৈ কাম কৰিব খোজো৷’
P.M কিষাণ যোজনা কি?
পিএম কিষাণ সন্মাণ নিধি যোজনাৰ আওতাত কৃষকে বাৰ্ষিক ৬০০০ টকা লাভ কৰে৷ প্ৰতি ৪মাহৰ অন্তত কৃষকৰ বেংক একাউণ্টত ২০০০টকাকৈ পঠিওৱা হয়৷ এই ধনেৰে বীজ ক্ৰয়ৰ সুবিধা পায় কৃষকে৷ ইয়াৰোপৰি বানে কৃষিভূমি নষ্ট কৰিলে বা ফচল নষ্ট হোৱা কৃষকে এই সুবিধা লাভ কৰে৷ এই যোজনাৰ অধীনত সুবিধা পাবলৈ একাধিক চৰ্ত পূৰণ কৰিব লাগিব৷ সকলো কৃষকে এই ধন লাভ কৰিব তেনে নহয়৷ কৃষকজনৰ কৃষিভূমি থাকিব লাগিব, পৰিয়ালৰ এজনেহে এই সুবিধা লাভ কৰিব, যদি কৃষক পৰিয়ালৰ কোনোৱে ইনকাম টেক্স দিয়ে তেন্তে এই ধন লাভ নকৰিব৷ কৃষক পৰিয়ালৰ কোনো লোকৰে চৰকাৰী চাকৰি থাকিব নোৱাৰিব৷
উল্লেখ্য যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা পাবলৈ কৃষকৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক থকা জৰুৰী৷ যদি কোনো কৃষকৰ একাউণ্টত আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে তেওঁ এই ধন লাভ নকৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ