অসম লাইভ ২৪ঃ তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ গুৰুনানক জয়ন্তীৰ দিনাই শুকুৰবাৰে পুৱা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে এই কথা৷ আগন্তুক সংসদীয় অধিবেশনত কৃষিআইন প্ৰত্যাহাৰৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলিও আন্দোলনকাৰী কৃষকসকলক আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ লগতে প্ৰতিবাদকাৰী কৃষকসকলক ঘৰলৈ উভতি যোৱাৰ আহ্বান জনায়৷ বহু প্ৰচেষ্টাৰ পাছতো কৃষকসকলক বুজোৱাত ব্যৰ্থ হোৱা বুলি খেদ প্ৰকাশ কৰি দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ নৰেন্দ্ৰ মোদীয়ে কয়, কৃষকৰ বৃহৎ স্বাৰ্থৰ উদ্দেশ্যত তিনি কৃষি আইন প্ৰৱৰ্তন কৰা হৈছিল৷ যাতে উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰিব পাৰে কৃষকসকলে৷ একাংশই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনাইছিল যদিও অধিকাংশই বিৰোধীতা কৰিছিল কৃষি আইনৰ৷ আজি দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
Click Here To See More:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ