অসম লাইভ ২৪ঃ ‘তাউতে’ৰ পাছত সাগৰীয় ঘূৰ্ণী ‘য়াছ’ৰ তাণ্ডৱ। ক্ষতিগ্ৰস্ত হৈছে পশ্চিমবংগ আৰু ওড়িশাৰ বহু অঞ্চল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিদৰ্শন কৰিব য়াছৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ । মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু মমতা বেনাৰ্জীৰেও আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। শুকুৰবাৰে আকাশমাৰ্গেৰে দুয়োখন ৰাজ্যৰ ক্ষয়-ক্ষতিৰ বুজ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰথমে ভুৱনেশ্বৰ পৰিদৰ্শন কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে বৈঠকত মিলিত হ’ব। তাৰপাছত মেদিনীপুৰৰ বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব। উল্লেখ্য, ইতিমধ্যে কেন্দ্ৰই পশ্চিমবংগক ৪০০ কোটি আৰু অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাক ৬০০ কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ