ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
আজি ৬ এপ্ৰিল দেওবাৰ ৰাম নৱমীৰ দিনটোত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ভাৰতবাসী। কাৰণ ভাৰতত আজি উদ্বোধন কৰা হয় দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তামিলনাডুৰ ৰামেশ্বৰমত এই নতুন পাম্বন দলং উদ্বোধন কৰে। ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল দলংখন ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ। ১০০ বছৰৰ বাবে ঘণ্টাত ৮০ কিলোমিটাৰ বেগত ৰেল চলাচলৰ বাবে উপযোগী এই নতুন পাম্বন ব্ৰীজ।
উল্লেখ্য যে, ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে পাম্বন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, আৰু ৫ বছৰত সাগৰৰ ওপৰেৰে এই দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আজি মুকলি কৰা হয়।
https://x.com/jsuryareddy/status/1908749088302260386
২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বহু দিশত বিশেষ। ইয়াৰ ৯৯ স্পেন ১৮.৩ মিটাৰ আৰু উলম্ব লিফ্ট স্পেন ৭২.৫ মিটাৰ। পুৰণি দলংতকৈ ই ৩ মিটাৰ ওখ, যাৰ ফলত ডাঙৰ জাহাজ সহজে তলেৰে পাৰ হ’ব পাৰিব। ইয়াত এন্টি-ক’ৰ’জন প্ৰযুক্তি, পলিচিল’ক্সেন পেইণ্ট, উন্নত ষ্টেইনলেছ ষ্টীল আৰু ফাইবাৰ ৰিইনফৰ্চড প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত ইয়াৰ দীৰ্ঘস্থায়ী স্থায়িত্ব নিশ্চিত কৰা হৈছে।
এই দলং নিৰ্মাণৰ ফলত ভাৰতৰ ডিজাইন আৰু প্ৰমাণপত্ৰৰ ক্ষেত্ৰত কাৰিকৰী শ্ৰেষ্ঠত্ব প্ৰমাণিত হৈছে। ১০০ বছৰ ধৰি ঘণ্টাত ৮০ কিলোমিটাৰ বেগত ৰে’ল চলাচলৰ বাবে নিৰাপদ নতুন পাম্বন দলং। অৱশ্যে এই দলংখনত ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত ৰে’ল চলাচল কৰিব পাৰে।
এই ভাৰ্টিকেল লিফ্ট ব্ৰীজখন মাজৰ পৰা খোল খাব যাতে জাহাজ সহজে পাৰ হ’ব পাৰে। এই ব্ৰীজ মাত্ৰ ৫ মিনিটতে খুলিব পাৰিব আৰু মাথো ৩ মিনিটত বন্ধ কৰিব পাৰি। ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্য, ৭২.২ মিটাৰ বহল দলংখন ৫ বছৰত সম্পূৰ্ণ হয়। ইয়াৰ নিৰ্মাণ ব্যয় ৫৩৫ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ