অসম লাইভ ২৪ঃ আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছক নজনা মানুহ হয়তো খুব কমেই ওলাব। কেৱল প্ৰিয়ংকাৰ স্বামী হিচাপেই নহয়, নিক জ’নাছৰ আছে নিজা পৰিচয়। পপ তাৰকা হিচাপে পৰিচিত নিকৰ গীত নুশুনা মানুহ কিজানি কমেই আছে। শেহতীয়াভাৱে নিকৰ শাৰীৰিক অৱস্থাক লৈ নেট মাধ্যমত চৰ্চা চলিছে। দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিছে নিকৰ। কি হৈছে নিক জ’নাছৰ?
নিক জ’নাছ আক্ৰান্ত হৈছে কি ৰোগত?
নিকৰ শৰীৰৰ ওজন দিনক-দিনে কমি আহিছে। বিগত সপ্তাহত ভাৰতলৈ আহিছিল প্ৰিয়ংকা চোপ্ৰা। ৩ বছৰৰ অন্তত দেশলৈ অহা দেশী গাৰ্ল প্ৰিয়ংকাক দেখি বহুতে প্ৰশ্ন কৰিছে নিক কিয় লগত নাহিল? নিকে স্বাস্থ্যজনিত কাৰণতে কিছুদিন বিৰতি লৈছে, সেই কথা নিজেই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে নিকে। নিক আক্ৰান্ত হৈছে টাইপ-১ ডাইবেটিছত। ডাইবেটিছ সাধাৰণতে ২ প্ৰকাৰৰ। টাইপ-১ আৰু টাইপ-২। টাইপ-১ ডাইবেটিছ জীনগত কাৰণত হয়। খুব কম বয়সতে টাইপ-১ ডাইবেটিছ হ’ব পাৰে। নিকো আক্ৰান্ত হৈছে এই ৰোগত।
টাইপ-১ আৰু টাইপ-২ৰ মাজত পাৰ্থক্য কি?
টাইপ-১ ডাইবেটিছক এট’মিয়ন ৰোগ বুলি কোৱা হয়। অগ্নাশয়ত থকা ইনছুলিন উৎপাদনকাৰী কোষসমূহ ক্ষতিগ্ৰস্ত হ’লে শৰীৰত ইনছুলিনৰ উৎপাদন বন্ধ হৈ যায়। ইয়াকে টাইপ-১ ডাইবেটিছ বুলি কোৱা হয়। আনহাতে, টাইপ-২ ডাইবেটিছত ইনছুলিন উৎপাদনকাৰী কোষসমূহ ক্ষতিগ্ৰস্ত নহয়। কিন্তু, শৰীৰত ইনছুলিনৰ পৰিমান কমি যায়। টাইপ-২ ডাইবেটিছত একোজন ৰোগীৰ শৰীৰত ইনছুলিন নিজাকৈ উৎপাদন কৰিব পৰা ক্ষমতা শেষলৈ শূন্য হৈ পৰে, যাৰ বাবে বাহিৰৰ পৰা ইনছুলিন ল’ব লগা হয়। তেজত শৰ্কৰাৰ মাত্ৰা অত্যধিক পৰিমানে বাঢ়ি যায়।
ৰোগক লৈ কি ক’লে নিকে?
নিক জ’নাছে ইনষ্টাগ্ৰামযোগে ৰোগৰ লক্ষণ আৰু কেনেধৰণৰ উপসৰ্গই দেখা দিয়ে, সেই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিছে। নিকে কৈছে, এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ঘনাই ডিঙি শুকাই আহে। পানী খাবলৈ মন যায়। হঠাতে শৰীৰৰ ওজন কমি আহে। ঘনে ঘনে প্ৰস্ৰাৱ হয়। শৰীৰত ভাগৰ ভাগৰ অনুভৱ হয়। সকলো সময়তে জিৰণি লৈ থাকিবলৈ মন যায়। এইসমূহ লক্ষণে দেখা দিলে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী।
উল্লেখ্য যে প্ৰিয়ংকা চোপ্ৰাই সামাজিক মাধ্যমত স্বামী নিক আৰু কন্যা মালতী জ’নাছৰ সৈতে ফটো শ্বেয়াৰ কৰিছে। লছ এঞ্জেলছৰ নিজা বাসগৃহত ক্লিক কৰা ফটোখন শ্বেয়াৰ কৰাৰ পাছতে বহুতে নিকৰ স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। নেটিজেনৰ প্ৰশ্নৰ উত্তৰ অৱশেষত এনেদৰে দিলে পপ তাৰকা নিক জ’নাছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ