অসম লাইভ২৪ঃ পাকিস্তানী ক্ৰিকেটপ্ৰেমীয়ে সপোন দেখিছিল, বিশ্বকাপ এইবাৰ পাকিস্তানেই জয় কৰিব। আকৌ ১৯৯২ ৰ সেই স্মৃতি আনন্দমনেৰে ৰোমন্থন কৰিব। কিন্তু ইতিহাসৰ পুনৰাবৃত্তি নহ’ল। পাকিস্তানক ৫ উইকেটত হৰুৱাই ২০২২ৰ বিশ্বকাপ জয় কৰিলে বাটলাৰ বাহিনীয়ে। প্ৰথমে বেট ধৰি পাকিস্তানে বাটলাৰ বাহিনীক বান্ধি দিছিল ১৩৮ ৰানৰ লক্ষ্য। পাকিস্তানে বান্ধি দিয়া লক্ষ্যক ৬ বল বাকী থাকোতেই সম্পূৰ্ণ কৰে বাটলাৰ বাহিনীয়ে। ১৯৯২ৰ সেই পৰাজয়ৰ প্ৰতিশোধ ৩০ বছৰৰ অন্তত ল’লে ইংৰাজ বাহিনীয়ে।
প্ৰথম অভাৰতেই ছাহিন শ্বাহ আফ্ৰিদিয়ে আক্ৰমণাত্মক হৈ উঠিছিল যদিও দেশবাসীৰ হাতত বিশ্বকাপ তুলি দিব নোৱাৰিলে পাকিস্তানৰ দলটোৱে। ১২.৩ অভাৰত ব্ৰুকছৰ কেছ ধৰিবলৈ গৈ ভৰীত আঘাত লাগে আফ্ৰিদিৰ। আফ্ৰিদিৰ আঘাতেই কনফিডেন্স ভাঙিলে পাকিস্তানৰ দলটোৰ। এলেক্সক আউট কৰোৱাই খেল দেখুওৱাৰ সপোন দেখিছিল বাবৰ বাহিনীয়ে কিন্তু আফ্ৰিদিয়ে আঘাত পোৱাত সপোনত বাধা আহি পৰে। বাটলাৰৰ দুৰ্দান্ত বেটিঙেও পাকিস্তানৰ দলটোৰ কনফিডেন্স আৰু কমাই আনে।
৬ অভাৰত ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ হেৰিছ ৰ’ফে কৰা আক্ৰমণাত্মক বলিঙে বাটলাৰ বাহিনীক ধৰাশায়ী কৰিছিল। ৬ অভাৰত ইংলেণ্ডৰ অধিনায়ক উইকেট লয় পাকিস্তানে। ১৭ বলত ২৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় অধিনায়ক বাটলাৰ। বাটলাৰ গ’লেও দলটোক ধৰি ৰাখে বেন ষ্ট্ৰকচ আৰু হেৰি ব্ৰুকছে। দুয়োৱে যুটিয়াভাৱে সংগ্ৰহ কৰে ৩৯ ৰান। অৱশ্যে ১৩ অভাৰত এই যুটিও ভাঙি পেলাই পাকিস্তানৰ ছাবাদ খালে। ২৩ টা বলত ২০ ৰান কৰি আউট হয় হেৰি ব্ৰুকচ।
ব্ৰুকচ যোৱাৰ পিছত ইংলেণ্ডক জয়ৰ দিশে আগুৱাই নিয়ে বেন ষ্ট্ৰোকচ আৰু মইন আলীয়ে। ১৩টা বলত ১৯ ৰান কৰি আউট হয় মইন। কিন্তু শেষলৈ দলটোক টানি নিয়ে বেন ষ্ট্ৰোকচে। ৪৯ বলত অপৰাজিত ৫২ ৰান লয় ষ্ট্ৰোকছে। ১৯ অভাৰতেই জৰ লক্ষ্য সম্পূৰ্ণ হয় ইংলেণ্ডৰ। পাকিস্তান দলটোৰ হৈ আকৰ্ষণীয় বলিং কৰে ছাদাৰ খান আৰু হেৰিছৰউপে। ৪ অভাৰত মাত্ৰ ২০ ৰান কৰিয়েই ১ টা উইকেট ললে ছাদাৰে। ২৩ ৰানত দুটা উইকেট ল’লে ৰউফেও।
টছত হাৰি প্ৰথমে বেটিং কৰা পাকিস্তানে পঞ্চম অভাৰত বিপৰ্যয়ৰ সন্মুখীন হয়। ৫ অভাৰৰ দ্বিতীয়টো বলত মহম্মদ ৰিজোৱানক পেভিলিয়নলৈ উভতি যাবলৈ বাধ্য কৰোৱাই ছেম কৰণে। আৰম্ভনিৰে পৰাই ইংলেণ্ডৰ আটাইকেইজন বলাৰেই আক্ৰমণাত্মক হৈ উঠে। তাৰ বিপৰীতে আক্ৰমণাত্মক হোৱা দেখা নগ’ল পাকিস্তানৰ বেটাৰকেইজনক। ৮ অভাৰত আদিল ৰছিদো আউট হয়। বাটলাৰে লয় এই উইকেট। মহম্মদ হেৰিছকো পেভিলিয়নমুখী কৰাই বেন ষ্ট্ৰোকচে। পাকিস্তানৰ দলটোক শেষলৈ আগুৱাই নিয়ে বাবৰ আজম আৰু ছান মছুদে। পাকিস্তানক আকৌ অবাৰ ধৰাশায়ী কৰে আদিল ৰছিদে। ৰছিদৰ হাতত আউট হয় বাবৰ আজম। ২৮ টা বলত ৩২ ৰান কৰি পেভিলিয়নমুখী হয় বাবৰ।
বাবৰ আউট হোৱাৰ পাছতেই ইফতিকাৰ আহমেদো আউট। ৮৪ ৰানত ৪ উইকেট হেৰুৱাি দুৰ্বল হৈ পৰে বাবৰ বাহিনী। বিশ্বকাপ জিকাৰ সপোন তাতেই ভাঙিল বাবৰ বাহিনীৰ।
শেষপৰ্যন্ত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৩৭ ৰান কৰে বাবৰ বাহিনীয়ে। পাকিস্তানৰ লক্ষ্যক সহজেই জয় কৰি বাটলাৰ বাহিনীয়ে আজুৰি নিলে ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ