অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?
ড০ জ্ঞানেন্দ্ৰ বৰ্মন
(লেখক, ৰাজনৈতিক বিশ্লেষক)
ফোন নং: ৯৮৬৪৪৪৪৯৮৬
একাংশ ইছলামিক দল, সংগঠনৰ নেতাই পূৰ্ববংগীয় মুছলমানৰ জনসংখ্যা বিস্ফোৰণৰ কথাটো অস্বীকাৰ কৰি হিন্দু সমাজৰ অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST)ৰ হে জনসংখ্যা যথেষ্ট বৃদ্ধি হোৱা বুলি দাবী কৰে৷ বহুবিবাহ, বাল্যবিবাহ, অনিয়ন্ত্ৰিত জন্মৰ হাৰ, অনুপ্ৰৱেশ আদি কাৰকে অসমত মুছলিম জনসংখ্যাৰ অসমানুপাতিক বৃদ্ধিত অৰিহণা যোগাইছে৷ জনসংখ্যা বৃদ্ধিৰ হাৰ, ভোটাৰৰ সংখ্যা বৃদ্ধি আদিলৈ লক্ষ্য কৰিলে এই কথা দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰে৷ কিন্তু একাংশই দাবী কৰাৰ দৰে অসমত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ অত্যাধিক জনসংখ্যা বৃদ্ধি হোৱা নাই৷
২০০১ চনৰ লোকপিয়ল মতে, অসমৰ মুঠ জনসংখ্যাৰ ৬.৯% বা ১৮,২৫,৯৪৯ জন অনুসূচিত জাতিৰ লোক৷ ১৯৯১-২০০১ সময়ছোৱাত অসমৰ অনুসূচিত জাতিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১০%৷ সৰ্বভাৰতীয় পৰ্যায়ত এই সময়ছোৱাত অনুসূচিত জাতিৰ জনসংখ্যা ১৮.৪০% বৃদ্ধি হৈছিল৷ ২০১১ৰ লোকপিয়লত অসমৰ অনুসূচিত জাতিৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ৭.১৫ % বা ২২,৩১,৩২১ জন৷
২০০১ চনৰ তথ্য মতে দেশত অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ আছিল ২.৪৭%৷ এই সময়ছোৱাত মুছলমানৰ মুঠ প্ৰজনন হাৰ আছিল ৩.০৬%৷
২০১৫-১৬ ৰ NaTIONAL family health survey-4 ৰ তথ্য মতে অসমৰ অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ আছিল ১.৮৩৷ আনহাতে অসমৰ মুছলমানৰ মুঠ প্ৰজনন হাৰ আছিল ২.৯৩৷ এই সময়ত অসমত অনুসূচিত জাতিৰ মহিলাৰ বন্ধ্যাকৰণৰ হাৰ আছিল ৩.২%৷
National Family Health Survey-5 ৰ তথ্য মতে অসমৰ অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ (total fertility rate) u@n ১.৭৩৷ ইয়াৰ বিপৰীতে মুছলমানৰ মুঠ প্ৰজনন হাৰ হ’ল ২.৩৮৷ অনুসূচিত জাতিৰ তুলনাত মুছলমানৰ প্ৰজনন হাৰ ৩৭. ৫৭% বেছি৷ এই সময়ত অনুসূচিত জাতিৰ মহিলাৰ বন্ধ্যাকৰণৰ হাৰ হ’ল ৩.৭৷ হিন্দু মহিলাৰ সামগ্ৰীকভাৱে বন্ধ্যাকৰণৰ হাৰ হ’ল ১২.০%৷ অসমৰ কোনো এখন জিলাতে অনুসূচিত জাতিৰ জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধি হোৱা নাই৷ তলৰ তালিকাখনৰ পৰাই কথাটো স্পষ্ট হৈ পৰেঃ
জিলা ২০০১ ২০১১
(জিলাখনৰ মুঠ জনসংখ্যাৰ (জিলাখনৰ মুঠ জনসংখ্যাৰ
কিমান শতাংশ অনুসূচিত জাতি) কিমান শতাংশ অনুসূচিত জাতি)
২০০১ ২০১১
দৰং ৪.৬% ৪.৩%
মৰিগাঁও ১২.৯% ১২.৩১%
নগাঁও ৯.৩% ৯.৪৩%
শোণিতপুৰ ৫.২% ৫.৬৭%
ধেমাজি ৫.৩% ৬.৪৫%
তিনিচুকীয়া ২.৭% ২.৮%
ডিব্ৰুগড় ৪.১% ৪.৪%
শিৱসাগৰ ৩.৪% ৩.৭%
গোলাঘাট ৫.৪% ৫.৮৪%
কাৰ্বি আংলং ৩.৬% ৪.৭%
উত্তৰ কাছাৰ জিলা ১.৮% ২.৩%
(বৰ্তমান ডিমা হাছাও)
কাছাৰ ১৪.৪% ১৫.২৫%
কৰিমগঞ্জ ১৩.০% ১২.৮৫%
হাইলাকান্দি ১০.৯% ১০.৭২%
কোকৰাঝাৰ ৩.৪% ৩.৩%
ধুবুৰী ৩.৯% ৩.৬%
গোৱালপাৰা ৪.৮% ৪.৫%
বঙাইগাঁও ১০.৩% ১১.২%
বৰপেটা ৫.৭% ৫.৬৩%
কামৰূপ ৬.৮% ৭.১%
নলবাৰী ৭.৫% ৭.৮%
অনুসূচিত জাতিৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩২% কৈৱৰ্ত্ত আৰু প্ৰায় ৩০% নমঃশূদ্ৰ৷ মৎস পালন এই সম্প্ৰদায় দুটাৰ পৰম্পৰাগত বৃত্তি কিন্তু মাছৰ ব্যৱসায় এটা বৃহৎ অংশ এতিয়া পমুৱা মুছলমানৰ দখলত৷
National Family Health Survey-5 ৰ তথ্য মতে অসমত অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ হ’ল ১.৫৪৷ এই সংখ্যাই অনুসূচিত জনজাতিৰ জনসংখ্যা আহি থকা সময়ত ৰাজ্যখনত নিম্নগামী গোৱাৰ ইংগিত দিয়ে৷ ২০০১ চনত অনুসূচিত জনজাতিৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ১২.৪% আছিল৷ ২০১১ চনতো এই সংখ্যা ১২.৪ এ আছে৷ বৰ্তমান মুঠ প্ৰজনন হাৰ নিম্নগামী হোৱালৈ চাই ২০২১ৰ লোকপিয়লত অনুসূচিত জনজাতিৰ জনসংখ্যা নিম্নগামী হোৱাৰ আশংকা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ