বৰ্তমান প্ৰতিজন লোকেই বিচাৰে যে তেওঁলোকৰ সঞ্চয় নিৰাপদ থাকক আৰু বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহক৷ বৰ্তমান সময়ত প্ৰায় সকলোলোকেই এনে স্থানত বিনিয়োগ কৰিব খোজে য’ত সুৰক্ষিতভাৱে মোটা টকা ৰিটাৰ্ণ পোৱা যায়৷ কিন্তু বজাৰৰ ওঠা নমাৰ সৈতে যুক্ত হৈ নথকা বিনিয়োগ বিচাৰে৷ নিৰাপদ স্থানত বিনিয়োগ কৰিলে ধন হেৰুওৱাৰ ভয় নাথাকে৷
পোষ্ট অফিচৰ বিভিন্ন স্কিম আছে, যৰ পৰা সুৰক্ষিতভাৱে মোটা টকা ৰিটাৰ্ণ পোৱা যাব পাৰে৷ ভাৰতৰ পোষ্ট অফিচত দেশৰ সাধাৰণ নাগৰিকসকলৰ চাহিদাৰ কথা মূৰত ৰাখি বিভিন্ন ধৰণৰ সঞ্চয় প্ৰকল্প পৰিচালনা কৰে৷ পোষ্ট অফিচত RD, TD, MIS, PPF কিষাণ বিকাশ পত্ৰসহ বহু ধৰণৰ একাউণ্ট খুলিব পাৰে৷ পোষ্ট অফিচত MIS অৰ্থাৎ মাহিলী আয় প্ৰকল্পত বিনিয়োগকাৰীয়ে প্ৰতিমাহে এক নিৰ্দিষ্ট সুদ পায়৷ এই সুদৰ টকা বেংক একাউণ্টত জমা হয়৷ পোষ্ট অফিচৰ MISৰ প্ৰকল্পৰ ১ লাখ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পোৱা যাব?
পোষ্ট অফিচৰ MIS প্ৰকল্পত ৭.৬ শতাংশ সুদ দিয়া হৈছে
পোষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকৰ মাহিলী আয় প্ৰকল্পত ৭.৬ শতাংশ বাৰ্ষিক সুদ দিছে৷ পোষ্ট অফিচৰ MIS প্ৰকল্পত কমপক্ষে ১০০০ টকা জমা কৰিব পাৰে৷ এই প্ৰকল্পৰ আওতাত এটা একক একাউণ্টত সৰ্বোচ্চ ৯ লাখ টকা জমা কৰিব পাৰে৷ কোনোৱে যদি এক যৌথ একাউণ্ট খোলে তেন্তে ইয়াত সৰ্বোচ্চ ১৫ লাখ টকা জমা কৰিব পাৰে৷ যৌথ একাউণ্টত সৰ্বাধিক ৩ জনক অন্তৰ্ভুক্ত কৰিব পাৰে৷ জমা কৰা সমস্ত টকা ম্যাদপূৰ্তিৰ পাছত আকৌ উভতাই পাব আপুনি৷
পোষ্ট অফিচত এটা MIS একাউণ্ট খুলিবলৈ হলে পোষ্ট অফিচত এটা ছেভিংছ একাউণ্ট থাকিব লাগে৷ যদি এতিয়াও আপুনি পোষ্ট অফিচত ছেভিংছ একাউণ্ট অপেন কৰা নাই তেতিয়াহলে MIS স্কিমত বিনিয়োগ কৰাৰ পূৰ্বে এটা ছেভিংছ একাউণ্ট খুলিব লাগিব৷ পোষ্ট অফিচৰ এই স্কিম ৫ বছৰৰ ভিতৰত মেচিউৰ হয়৷ যদি পোষ্ট অফিচৰ MIS স্কিমত ১০০,০০০ টকা জমা কৰা হয়, তেন্তে প্ৰতিমাহত ৬৩৩ টকা নিৰ্দিষ্ট হাৰত সুদ পোৱা যাব৷ ইয়াৰ সৈতে ম্যাদপূৰ্তিৰ পাছত সম্পূৰ্ণ ১,০০,০০০ টকা উভতাই পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ