অসম লাইভ২৪ঃ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ আৰ্থিক সঞ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ। পূৰ্বে মানুহে ঘৰৰে চন্দুকত ধন-সম্পদ সঞ্চয় কৰিছিল। সময় সলনি হৈছে। যুগৰ সৈতে হাত ধৰি আগবাঢ়িছে প্ৰযুক্তিৰ লগতে মানুহৰ মনো। বৰ্তমান সঞ্চয় বুলিলেই কোনোবা বেংকত, নতুবা পষ্ট অফিছত জমা ৰখা ধন। বহু ধৰণৰ স্কিমৰ জৰিয়তে ধন ৰখাৰ সুবিধা থাকে এইসমূহত। পষ্ট অফিচতো থাকে বহুকেইটা স্কিম। এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত এই ধন লাভ কৰে গ্ৰাহকে। শেহতীয়াকৈ নতুন বছৰৰ আৰম্ভনিতে পষ্ট অফিচৰ এটা বিশেষ স্কিমৰ বিষয়ে চৰ্চা হৈছে। পষ্ট অফিচৰ টাইম ডিপজিট স্কিম এটা ফিক্সড ডিপজিট স্কিম। এই স্কিমত এটা নিৰ্দিষ্ট সময়ত বাবে ধন ৰাখিলে পূৰ্বে নিৰ্ধাৰিত সুদসহ সকলো ধন নিৰ্দিষ্ট সময়ত গ্ৰাহকে লাভ কৰে।
এই স্কিমত বিনিয়োগ কৰাও নিৰাপদ। ছেভিংছ একাউণ্টৰ তুলনাত এই স্কিমত বেছি সুদ লাভ কৰে এজন গ্ৰাহকে। ইয়াৰোপৰি ইয়াত বিনিয়োগ কৰাও অত্যন্ত নিৰাপদ। বিনিয়োগকাৰীয়ে যিকোনো পষ্ট অফিচত গৈ টাইম ডিপজিট একাউণ্ট খুলিব পাৰে। এই একউণ্ট যুটীয়াভাৱে পতি পত্নীয়ে একেলগে খুলিব পাৰে। নমিনিৰো সুবিধা উপলব্ধ এই স্কিমত। সুদ মাহেকীয়া লাগে নে তিনিমহীয়া নে বছৰত লাগে সেয়াও নিৰ্ণয় কৰিব পাৰে গ্ৰাহকে।
উল্লেখ্য যে এবছৰৰ পৰা তিনিবছৰীয়া নাবালিকাৰ বাবে যদি এই একাউণ্ট খোলে তেন্তে ৭ শতাংশ সুদ লাভ কৰিব। ৫ বছৰৰ ওপৰৰ বিনিয়োগকাৰীয়ে লাভ কৰিব ৭.৮০ শতাংশ সুদ। আৰু ৫ বছৰৰ বাবে ধন ৰাখিলে আয়কৰ আইনৰ ৮০ ধাৰাৰ অধীনত লাভ কৰিব কৰৰ পৰাও সুবিধা।
পষ্ট অফিচৰ এই প্ৰকল্পৰ অধীনত ১৫ বছৰৰ বাবে ধন জমা ৰাখিলে বিনিয়োগৰ মুঠ ধন হ’ব ২২ লাখ ৫০ হাজাৰ টকা। বাৰ্ষিক ৭.১ শতাংশ সুদৰ হাৰত সৈতে মুঠ ১৮.১৮ লাখ অতিৰিক্ত ধন লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ