কোনো চৰকাৰী প্ৰকল্পত যোগদানে আৰ্থিক পৰিকল্পনাক শক্তিশালী কৰিব পাৰে৷ পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিমত জনপ্ৰিয়তা অৰ্জন কৰিছে৷ যদি অলপ পৰিমাণে অৰ্থ যোগ কৰে তেতিয়াও এক বৃহৎ তহবিল গঠন কৰিব পাৰে৷ তেনে এক চমৎকাৰ বিকল্প হৈছে এই স্কিম৷ ইয়াৰ বাবে কোনো ডাঙৰ বিনিয়োগ কৰাৰ প্ৰয়োজন নাই৷ মিউচুৱেল ফাণ্ড SIP-ৰ দৰে সৰু মাহিলী আমানত কৰিব পাৰে৷ এই স্কিমত ৬.৭ শতাংশ বাৰ্ষিক সুদ পায়, চক্ৰবৃদ্ধি সুদসহ অথবা সুদৰ ওপৰত সুদসহ৷ ই সন্তানৰ ভৱিষ্যতৰ বাবেও এক ভাল বিনিয়োগ৷
মাত্ৰ ১০০ টকাৰে একাউণ্ট খোলক
এই স্কিমৰ অধীনত একাউণ্ট খোলা খুবেই সহজ৷ মাত্ৰ ১০০ টকাৰে আৰম্ভ কৰিব পাৰে৷ জমাৰো কোনো ঊৰ্ধ্বসীমা নাই৷ অৰ্থাৎ যিমান মন যায় বিনিয়োগ কৰিব পাৰে৷ ১০ বছৰৰ বেছি বয়সীয়া শিশুৱেও তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে এই একাউণ্ট খুলিব পাৰে৷ ১৮ বছৰ বয়সীয়াসকলে এখন KYC ফৰ্ম পূৰণ কৰিব লাগিব৷ এই স্কিম ৫ বছৰৰ বাবে বৈধ৷ যদি বিচাৰে তিনি বছৰৰ পাছত এই একাউণ্ট বন্ধ কৰিও দিব পাৰে৷ গ্ৰাহকৰ মৃত্যু হলে তেওঁৰ মনোনীত ব্যক্তিয়ে সেই ধন গ্ৰহণ কৰিব পাৰে বা একাউণ্টটো চলাইয়ো যাব পাৰে৷ মোবাইল বেংকিং বা ই বেংকিঙৰ মাধ্যমেৰেও এই একাউণ্টটো খুলিব পাৰে৷
১৭ লাখ টকাৰ ফাণ্ড কেনেকৈ তৈয়াৰ কৰিব?
প্ৰতিমাহে ১০০০০ টকা জমা কৰক৷ ৫ বছৰ ধৰি জমা কৰিলে মুঠ ৬লাখ টকা বিনিয়োগ হ’ব৷ ৬.৭শতাংশ চক্ৰবৃদ্ধি সুদৰ হাৰত ম্যাদপূৰ্তিৰ পাছত ৭১৩,৬৫৯ টকা পাব৷ ইয়াৰ অৰ্থ হৈছে ১,১৩,৬৫৯ টকা লাভ৷ যদি ১৫ লাখ বিনিয়োগ কৰি ডাঙৰ ফাণ্ড তৈয়াৰ কৰিব খোজে তেন্তে প্ৰতিমাহে প্ৰায় ১০,০০০ টকা জমা কৰিব লাগিব৷ ১০ বছৰ ধৰি জমা কৰিলে সহজেই ১৭ লাখ টকা আপুনি তৈয়াৰ কৰিব পাৰিব৷ বিনিয়োগ হ’ব ১,২০০,০০০ টকা আৰু ৰিটাৰ্ণ পাব ১,৭০৮,৫৪৬ টকা৷
পোষ্ট অফিচ স্কিমৰ সুবিধা
এই স্কিমৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ই সম্পূৰ্ণ নিৰাপদ৷ বজাৰত বহু বিনিয়োগৰ বিকল্প আছে সেইসমূহত ধন হেৰুৱাৰ ভয়ত বহুতে বিনিয়োগ নকৰে৷ পোষ্ট অফিচৰ আৰ ডিত এনে কোনো ভয় নাই৷ ধন চৰকাৰী গেৰেণ্টিৰ মাধ্যমেৰে বৃদ্ধি পায়৷ যিসকলে ধন হেৰুওৱাৰ ভয় নাৰাখি সম্পদ সঞ্চয় কৰিব খোজে তেন্তে এই স্কিম তেওঁলোকৰ বাবে এক আদৰ্শ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















