বহুতেই অৱসৰ গ্ৰহণৰ পাছত নিয়মিত আয়ক লৈ চিন্তিত থাকে৷ আপুনি যদি তেওঁলোকৰ ভিতৰৰে এজন হয় তেন্তে আপুনি অৱশ্যেই পোষ্ট অফিচৰ চিনিয়ৰ চিটিজেন ছেভিংছ স্কিম সম্পৰ্কে জানি থোৱা উচিত৷ এই স্কিমৰ মাধ্যমেৰে বয়স্কসকলে বাৰ্ষিক ২,৪৬,০০০ টকা পৰ্যন্ত আয় কৰিব পাৰে৷ এই স্কিমৰ অধীনত আৰু বহু সবিধা আছে৷ জানি থওক সবিশেষ৷
অৰ্থ উপাৰ্জনৰ বাবে আপুনি কি কৰিব লাগিব?
SCSS বিশেষভাৱে বয়স্কসকলৰ বাবে তৈয়াৰী৷ অৰ্থ উপাৰ্জনৰ বাবে আপুনি এক নিৰ্দিষ্ট পৰিমাণে ফাণ্ড জমা কৰিব লাগিব৷ আপুনি ইয়াত অৰ্জিত সুদৰ পৰা আয় কৰে৷ এই পৰিমাণ সাধাৰণতে ৫ বছৰৰ বাবে জমা কৰা হয়৷ তেতিয়া আপুনি যদি বিচাৰে তেতিয়া আৰু ৩ বছৰৰ ইয়াক বঢ়াবও পাৰে৷
স্কিমৰ ৩টা প্ৰধান সুবিধা
এই পোষ্ট অফিচ স্কিমত বিনিয়োগ কৰিলে তিনিটা সুবিধা পোৱা যায়৷ প্ৰথম সুবিধা হৈছে ই ভাল সুদৰ হাৰ প্ৰদান কৰে, যিয়ে আপোনাক উল্লেখযোগ্য পৰিমাণৰ অৰ্থ উপাৰ্জনৰ সুযোগ দিয়ে৷ দ্বিতীয় সুবিধা হৈছে আপোনাৰ জমা কৰা অৰ্থ নিৰাপদে থাকে আৰু আপোনাক সেই ধন সময়ত উভতাই দিয়ে৷ তৃতীয়া সুবিধা হৈছে এই স্কিমত ট্ৰেক্স বেনিফিটো দিয়া হয়৷
আপুনি কিমান টকা বিনিয়োগ কৰিব পাৰে?
SCSSত আপুনি সৰ্বোচ্চ ৩০,০০,০০০ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে, তাতেই সৰ্বনিম্ন বিনিয়োগৰ সীমা ১০০০ টকা৷ বৰ্তমান SCSSত সুদৰ হাৰ ৮.২%৷
এইধৰণে আপুনি বাৰ্ষিক ২,৪৬,০০০ টকা আয় কৰিব পাৰে
আপুনি এই স্কিমত সৰ্বাধিক ৩০,০০,০০০ টকা জমা কৰিব পাৰে৷ অৱসৰ গ্ৰহণৰ পাছত আপোনাৰ হাতত অৰ্থ আহে৷ সেই অৰ্থ আপুনি যদি এই স্কিমত ৩০,০০,০০০টকা বিনিয়োগ কৰে তেন্তে আপুনি ৫বছৰ ধৰি ১২,৩০,০০০ টকা সুদ উপাৰ্জন কৰিব৷ ১২,৩০,০০০/৫= ২,৪৬,০০০ টকা৷ এইধৰণে আপুনি বাৰ্ষিক ২,৪৬,০০০ টকা আয় কৰিব পাৰে৷
প্ৰতি তিনিমাহত সুদ দিয়া হয়
এই সুদ তিনিমাহৰ মূৰে মূৰে জমা হয়৷ আপুনি যদি ৩০,০০,০০০ টকা বিনিয়োগ কৰে তেন্তে আপুনি প্ৰতি ৬১,৫০০ টকা সুদ পাব৷ আপুনি যদি এই অৰ্থ মাহিলী ভাগ কৰে, তেন্তে আপুনি প্ৰতিমাহে ২০,৫০০ টকা আয় কৰিব পাৰে৷
আপুনি টেক্স বেনিফিটো পাব
SCSS-ত বিনিয়োগ কৰিলে আয়কৰ আইনৰ ধাৰা 80C-ৰ অধীনত টেক্স ডিডাকছনৰ যোগ্য৷ ইয়াৰ ওপৰত আৰ্জিত সুদ কৰযোগ্য৷ যদি আপোনাৰ আয়ে এক নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেন্তে TDS কৰ্তন কৰা হ’ব৷
কিমানবাৰ এক্সটেনছন কৰিব পাৰে?
আপুনি যদি এই স্কিমৰ পৰা উপকৃত হ’ব খোজে তেন্তে আপুনি এটা এক্সটেণ্ড কৰিব পাৰে৷ ইয়াক ৩ বছৰৰ বাবে এক্সটেণ্ড কৰিব পাৰে৷ আপুনি ৩ বছৰৰ ব্লকত ইয়াক যিমানবাৰ মন যায় এক্সটেণ্ড কৰিব পাৰে৷ ইয়াৰ বাবে আপোনাক একাউণ্টৰ ম্যাদপূৰ্তিৰ তাৰিখৰ পৰা ১ বছৰৰ মাজত অথৱা প্ৰতি ৩ বছৰৰ ম্যাদত শেষ হোৱাৰ পাছত পোষ্ট অফিচত নিৰ্ধাৰিত ফৰ্ম জমা দিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















