জ্যোতিষ গণনা অনুসৰি নতুন বছৰৰ আৰম্ভণিতে অৰ্থাৎ ১০ জানুৱাৰী ২০২৬ত সূৰ্য আৰু বৃহস্পতিয়ে এটাই আনটোৰ সৈতে ১৮০ ডিগ্ৰি কোণত অৱস্থান কৰিব৷ দুই গ্ৰহৰ এই অৱস্থানৰ ফলত তৈয়াৰ হব প্ৰতিযুঁটি দৃষ্টি যোগ৷ বিশেষ এই যোগৰ প্ৰভাৱত লাভৱান হব ৫ৰাশিৰ জাতক৷ বছৰৰ আৰম্ভণিতে কোন ৫ ৰাশিৰ শুভ সময় আৰম্ভ হব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকে এই যোগৰ ফলত বিশেষভাৱে লাভৱান হব৷ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাব৷ যদি চৰকাৰী চাকৰি বা ৰাজনীতিত জড়িত হয় তেতিয়া আপুনি উচ্চপদ লাভ কৰিব পাৰে৷ সমাজত মৰ্যাদা বৃদ্ধি পাব৷ চৰকাৰী ক্ষেত্ৰত কোনো কাম দীৰ্ঘদিন ধৰি ৰৈ থাকিলে সেয়াও এইবাৰ সম্পন্ন হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ বৃহস্পতিৰ সৈতে সূৰ্যই তৈয়াৰ কৰা প্ৰতিযুঁটি দৃষ্টি যোগৰ ফল পাব সিংহ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ এই সময়ত সন্তানৰ পৰা সু সংবাদ পাব পাৰে৷ তাৰ কাৰণে গৰ্ববোধ কৰিব পাৰে৷ শিক্ষাৰ্থীসকলে এই সময়ত সাফল্য অৰ্জন কৰিব পাৰে৷ নতুন বিনিয়োগৰ বাবে অত্যন্ত ভাল সময় এয়া৷
ধনু ৰাশি
ধনু ৰাশিৰ ওপৰত বৃহস্পতিৰ প্রভাৱ বৰ্তি থাকিব৷ সূৰ্যৰ সৈতে সংযোগে আপোনাৰ আধ্যাত্মিক জ্ঞানৰ বিকাশ ঘটাব৷ দূৰ কৰোবালৈ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ বিদেশী যোগাযোগ থাকিলে ব্যৱসায়ত লাভ হব পাৰে৷ পৰিয়ালৰ পূৰ্ণ সমৰ্থনত আপুনি আগুৱাই যাব পাৰিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকে আৰ্থিক দিশত স্বস্তি অনুভৱ কৰিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ ব্যৱসায়ত পাৰ্টনাৰ থাকিলে তেওঁৰ কথা মানি চলক৷ ইয়াত লাভৱান হব৷ লাভৰ আশা আছে৷ আপোনাৰ ব্যক্তিত্বৰ উন্নতি হব৷ অন্যসকলে আপোনাৰ কথাত মুগ্ধ হব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ কেৰিয়াৰত এই সময়ত ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷ অগ্ৰগতিৰ সম্ভাৱনাই বেছি৷ চাকৰি কৰিলে পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু দক্ষ হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা সকলোৱে কৰিব৷
(জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি এই বাতৰি লিখা হৈছে৷ সবিশেষ জানিবৰ বাবে প্ৰফেচনেল জ্যোতিষীৰ সৈতে যোগাযোগ কৰক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















