এখন চৰকাৰী চিকিৎসালয়ত এক জঘন্য কাণ্ড সংঘটিত হৈছে৷ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত এজন লোকে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰিছে৷ চিকিৎসালয়খনৰ এগৰাকী চাফাই কৰ্মীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ পাইছে৷
এই জঘন্য ঘটনাটো যোৱা শনিবাৰে নিশা যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত সংঘটিত হয়৷ ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ মিৰাজপুৰৰ জিলা চিকিৎসালয়ৰ চাফাই কৰ্মীগৰাকীয়ে টয়লেটৰ ভিতৰত গৰ্ভৱতী মহিলাগৰাকীক ধৰ্ষণ কৰে৷
গৰ্ভৱতী মহিলাগৰাকীয়ে স্বাস্থ্যৰ কিছু সমস্যাৰ সৃষ্টিৰ হোৱাৰ বাবে স্বামীৰ সৈতে চিকিৎসালয়লৈ যায়৷ মহিলাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ টয়লেটলৈ যোৱাৰ সময়তে চাফাই কৰ্মীগৰাকীয়ে চাফাই কাম কৰি আছিল৷
লগতে পঢ়ক তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?
চাফাই কৰ্মীগৰাকীয়ে তেওঁক টয়লেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে মুখত সোপা মাৰি কাপোৰ খুলি ধৰ্ষণ কৰে৷ ভুক্তভোগী মহিলাগৰাকী তিনি মহীয়া গৰ্ভৱতী বুলি জানিব পৰা গৈছে৷
এই কাণ্ড সংঘটিত হোৱাৰ পিছতে চাফাই কৰ্মচাৰীয়ে অন্য মহিলা টয়লেটলৈ অহাৰ পূৰ্বে আঁতৰি যায়৷ ভুক্তভোগী মহিলাগৰাকীয়ে পিছত এই সমগ্ৰ ঘটনা স্বামীক বিৱৰি কয়৷
ইয়াৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি অভিযুক্ত লোকজনক কৰায়ত্ত কৰিবলৈ তালাচী আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ