ৰাষ্ট্ৰপতি মুৰ্মূৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত ৱাকফ বিধেয়ক, কি কি পৰিৱৰ্তন হ’ব, সবিশেষ…
সংসদৰ দুয়োটা সদনত মাৰাথন আলোচনাৰ অন্তত ৰাষ্ট্ৰপতিৰ সন্মতিৰ পিছত ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট, ইফিচিয়েন্সি এণ্ড ডেভেলপমেণ্ট বিল (ইউএমইডি) ২০২৫ আইনত পৰিণত হয়। শনিবাৰে মাজ নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে এই বিধেয়কত অনুমোদন জনায়।
ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত এই বিধেয়কখন চৰকাৰে অধিসূচনাৰ জৰিয়তে অৱগত কৰে। এই বিধেয়কখন ৩ এপ্ৰিলত লোকসভা আৰু ৪ এপ্ৰিলত ৰাজ্যসভাই গৃহীত কৰে। এই আইনত বহু নতুন বিধান সংযোজন কৰা হৈছে। এই আইনৰ বহু বিধান সংশোধন কৰা হৈছে।
ইয়াৰ অধীনত ৱাকফ ব’ৰ্ডে আৰু কোনো সম্পত্তি স্বেচ্ছাচাৰীভাৱে দাবী কৰিব নোৱাৰিব। কোনো বিবাদ হ’লে আদালতত প্ৰত্যাহ্বান জনাব পাৰে আৰু পাঁচ বছৰ ধৰি ইছলাম ধৰ্ম পালন কৰা ব্যক্তিয়েহে ৱাকফক সম্পত্তি দান কৰিব পাৰে। ইয়াৰ সমান্তৰালকৈ মুছলিম ৱাকফ (বিলোপ) বিল ২০২৪তো ৰাষ্ট্ৰপতি মুৰ্মূয়ে অনুমোদন জনাইছে।
এতিয়া কি কি থাকিব এই আইনত-
এতিয়া আৰু কোনো চৰকাৰী সম্পত্তি ৱাকফৰ সম্পত্তি বুলি ঘোষণা কৰিব নোৱাৰিব। ইয়াৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হ’ব।
মহিলাসকলেও পাব সম্পত্তিৰ অধিকাৰ, মুছলমান মহিলাসকলেও পৰিয়ালৰ ৱাকফত সম্পত্তিৰ অধিকাৰ পাব যাক ৱাকফ-আল-আউলাদ বুলি কোৱা হয়। নাৰীয়েও নিজৰ পূৰ্বপুৰুষ আৰু শহুৰেকৰ সম্পত্তিত উত্তৰাধিকাৰৰ অধিকাৰ লাভ কৰিব। বিধৱা, বিবাহ বিচ্ছেদ আৰু অনাথ মহিলাই তেওঁলোকৰ পৰিয়ালৰ সম্পত্তিত অধিকাৰ লাভ কৰিব।
আইনগতভাৱে যি সম্পত্তি ৱাকফৰ অন্তৰ্গত নহওক কিয়, যদি পৰীক্ষণ শুদ্ধ বুলি ধৰা পৰে তেন্তে সেয়া ৱাকফৰ হাতত থাকিব। যদিহে তেওঁলোকক বিবাদিত বা চৰকাৰী সম্পত্তি হিচাপে চিনাক্ত কৰা নহয়।
ৱাকফৰ সম্পত্তিৰ ওপৰত এতিয়া কাৰ্যকৰী হ’ব লিমিটেচন এক্ট, ১৯৬৩। ইয়াৰ ফলত দীৰ্ঘদিনীয়া আদালতৰ গোচৰ হ্ৰাস পাব।
এখন সম্পূৰ্ণ গাঁও ৱাকফৰ সম্পত্তি বুলি ঘোষণা কৰা বা যিকোনো সম্পত্তিক ইচ্ছাকৃতভাৱে ৱাকফৰ সম্পত্তি বুলি দাবী কৰিলে সেই সম্পত্তি ৱাকফ ব’ৰ্ডৰ নহয়।
যিবোৰ ৱাকফ প্ৰতিষ্ঠানৰ আয় বছৰি এক লাখ টকাতকৈ অধিক হয়, সেইবোৰে বাৰ্ষিক অডিট কৰিব লাগিব।
মুটাৱালিসকলে ৬ মাহৰ পিছত চেণ্ট্ৰেল ৱাকফ পৰ্টেলত নিজৰ সম্পত্তিৰ সবিশেষ দিব লাগিব। মুছলমানে যি ট্ৰাষ্ট সৃষ্টি কৰিছে, দেশৰ কোনো আইনৰ অধীনত ৱাকফৰ সম্পত্তি হিচাপে গণ্য কৰা নহ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















