পেছাত তেওঁ এজন অধ্যাপক৷ কিন্তু দিনৰ পাছত দিন ছাত্ৰীসকলক পৰীক্ষাত পাছ কৰাই দিয়া আৰু শিক্ষকতাৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি যৌন উৎপীড়ন চলাই আহিছে৷ এনেকৈয়ে দিনৰ পাছত দিন ধৰ্ষণ চলাই গৈছে উত্তৰপ্ৰদেশত হাথৰচৰ এগৰাকী কলেজ অধ্যাপকে৷ ধৃত অধ্যাপকৰ নাম ৰজনীশ কুমাৰ বুলি জনাইছে আৰক্ষী সূত্ৰই৷
আৰক্ষীক ছাত্ৰীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ফাঁচ কৰিছে অধ্যাপকৰ কুকীৰ্তি৷ ইয়াৰপাছতেই আৰক্ষীয়ে লাভ কৰিছে নিৰ্যাতিতাসকলক ব্ৰেকমেইল কৰাৰ ভিডিঅ’৷ অধ্যাপকৰ হাতত ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ ৫০তকৈ বেছি ক্লিপ আছে বুলি জনাইছে আৰক্ষীয়ে৷ এন ডি টিভিত প্ৰকাশিত প্ৰতিবেদন অনুসৰি হাথৰচৰ ফুলচান্দ বাগলা পিজি কলেজৰ অধ্যাপক আছিল ৰজনীশ কুমাৰ৷ এই চাঞ্চল্যকৰ অভিযোগ সন্মুখলৈ অহাৰ পাছতেই বৰ্খাস্ত কৰিছে কলেজ অধ্যাপকক৷ সেই অধ্যাপকৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ তথ্যত আছে পেন ড্ৰাইভত ৫৯ টা ভিডিঅ ক্লিপ৷ প্ৰতিটো ক্লিপতেই দেখা গৈছে বেলেগ বেলেগ ছাত্ৰীৰ সৈতে ঘনিষ্ঠতা৷ প্ৰত্যেক ছাত্ৰীৰ মুখতেই ভিডিঅ’ত ব্লাৰ কৰা হৈছে৷ তেওঁলোকৰ পৰিচয় যাতে সহজে কোনোৱে ধৰিব নোৱাৰে৷ অভিযোগকাৰিনীৰ দাবী যে সেই অধ্যাপকে গোপন কেমেৰাৰে এইসমূহ ৰেকৰ্ড কৰিছে৷ তাৰপিছতেই সেই ভিডিঅ’ দেখুৱাই দ্বিতীয়বাৰ শয্যাসংগী হবলৈ ব্লেকমেইল কৰি আহিছে৷ এনেকৈয়ে অসংখ্য মহিলা এই অধ্যাপকৰ লালসাৰ চিকাৰ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ