অসম লাইভ২৪ঃ বিবাহলৈ মাজত মাত্ৰ ১০ দিন। বিবাহক লৈ ব্যস্ত হৈ পৰিছে অভিনেত্ৰী পৰিণীতি চোপ্ৰা। চলিত বছৰত জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব পৰিণীতি-ৰাঘৱে। বিগত ১৩ মে’ত ধুমধামেৰে আম আদমী পাৰ্টীৰ নেতা তথা সাংসদ ৰাঘৱ চাড্ডাৰ সৈতে বাগদান সম্পূৰ্ণ কৰিছে অভিনেত্ৰী পৰিণীতিয়ে। এইবাৰ বিবাহ। চলিত মাহতেই বিবাহ। আগন্তুক ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত বিবাহৰ অনুষ্ঠান আয়োজিত হ’ব। বিবাহৰ আয়োজনত খুবেই ব্যস্ত পৰিণীতি-ৰাঘৱ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৰাঘৱ পৰিণীতিৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰও।
বগা নিমন্ত্ৰণী পত্ৰখন দেখা মাত্ৰকে বহুতেই কৈছে এই নিমন্ত্ৰণী পত্ৰখন ৰাজকীয়ভাৱে চপা কৰা হৈছে। নিজৰ বাগদান অনুষ্ঠানতো বগা ৰঙৰ পোছাকেই পৰিধান কৰিছিল ৰাঘৱ-পৰিণীতিয়ে। বিবাহৰ বাবে বহুতেই ৰঙা ৰঙৰ কাপোৰেই বাচি লয় কিন্তু ৰাঘৱ-পৰিণীতিয়ে বাগদানতো বগা কাপোৰেই পৰিধান কৰিছিল। বিবাহতো দুয়োৱে বগা ৰঙৰেই থিম ৰখা বুলি বহুতে ধাৰণা কৰিছে। ২৩ ছেপ্টেম্বৰত ৱেলকাম লাঞ্চৰ মাধ্যমেৰে আৰম্ভ হ’ব বিবাহৰ অনুষ্ঠান। উদয়পুৰৰ তাজ লীলা পেলেছত আয়োজিত হ’ব ৰাঘৱ-পৰিণীতিতৰ বিবাহৰ সমূহ অনুষ্ঠান। ২৩ ছেপ্টেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা ৪ বজালৈ চলিব ৱেলকাম লাঞ্চ পাৰ্টী।
ৱেলকাম লাঞ্চৰ পাছতেই আছে নব্বৈৰ দশকৰ এটা থিম পাৰ্টী। সেই দিনাই সম্পন্ন হ’ব পৰিণীতিৰ চূড়া চেৰিমনি। তাৰ পাছতেই ২৪ ছেপ্টেম্বৰত ৰাঘৱৰ ‘ছেহৰাবন্দি’ৰ মাধ্যমেৰে আৰম্ভ হ’ব বিবাহৰ অনুষ্ঠান। দুপৰীয়া ৩.৩০ত পৰিণীতিয়ে বৰমালা পিন্ধাব ৰাঘৱক। তাৰপাছতেই ৭পাকত বান্ধ খাব দুয়ো। ‘এ পাৰ্ল হোৱাইট ৱেডিং’ৰ থিম লৈছে দুয়োৱে। বিবাহৰ দিনাই সন্ধিয়া তাজ লীলা পেলেছত অনু্ষ্ঠিত হ’ব নৱদম্পত্তিৰ ৰিছিপশ্ব্যন। ৰিছিপশ্ব্যনত উপস্থিত থাকিব অৰবিন্দ কেজৰিৱাল, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানসহ কেইবাগৰাকীও ৰাজনৈতিক নেতা উপস্থিত থাকিব এই অনুষ্ঠানত।
ইতিমধ্যে বলীউডৰ চিনেমাৰ কাম সামৰি বিবাহৰ কামত ব্যস্ত হৈ আছে পৰিণীতি। ছবিৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন সংস্থাৰ সৈতে থকা সমূহ চুক্তি বাতিল কৰিছে পৰিণীতিয়ে। আনহাতে ৰাজনৈতিক ক্ষেত্ৰতো নিজৰ সকলো দায়িত্ব সামৰি বিবাহৰ বাবে সাজু হৈছে ৰাঘৱ। ভাইৰেল খবৰ অনুসৰি উদয়পুৰত বিবাহৰ অনুষ্ঠানৰ পাছত দিল্লী আৰু মুম্বাইত ৰিছিপশ্ব্যন পাৰ্টীৰো পৰিকল্পনা কৰিছে ৰাঘৱ-পৰিণীতিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ