ৰায়বৰেলীৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ উদ্দাত্ত ভাষণে আকৌ এবাৰ টোপনি কাঢ়িছে শাসক দলৰ৷ সংসদত সোমবাৰে ৰাহুল গান্ধীয়ে দিয়া ভাষণত তেওঁ নাম নোলোৱাকৈ দুগৰাকী ব্যক্তিৰ প্ৰসংগ টানি আনিছে৷ মই তেওঁলোকৰ নাম নলও, ৩ আৰু ৪ বুলিয়েই তেওঁলোকৰ বিষয়ে কৈ যাম বুলি ৰাহুলে আকৌ এবাৰ মুকেশ আম্বানী আৰু আদানীৰ কথা ভাষণত উল্লেখ কৰিছে৷ ৰাহুলক সংসদত উপস্থিত নথকা ব্যক্তিৰ নাম ল’বলৈ মানা কৰাৰ পাছতেই এই পন্থাৰে ৰাহুলে দুয়োকে টাৰ্গেট কৰি লয়৷ অধ্যক্ষ ওম বিৰালাই দিয়া বাধাৰ পাছতেই ৰাহুল গান্ধীয়ে কয়, ‘মই নাম ল’ব নোৱাৰো যদি অন্য উপায়েৰেও কথাবোৰ কোৱাটো জৰুৰী৷ মই ৩ আৰু ৪ বুলি দুয়োকে কম আপোনালোকে বুজি যাব৷ ইয়াৰোপৰি সংসদৰ ভাষণত মই দুয়োকো A-1, A-2 বুলিও সম্বোধন কৰিব পাৰো৷’
ৰাহুল গান্ধীয়ে লগতে কয়, ‘২১শ শতিকাতো দেশত নতুন চক্ৰবেহু তৈয়াৰ কৰা হৈছে৷ যি চক্ৰবেহুত অভিমুন্য সোমাই পৰিছিল আজি কৃষকৰ সৈতে, মাতৃ-ভগ্নীৰ সৈতে দেশত হৈ আছে৷ দ্ৰৌণাচাৰ্য, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা আৰু শকুনিয়ে ঘেৰি মাৰিছিল অভিমুণ্যক৷ আজি এই চক্ৰবেহু তৈয়াৰত ৬লোক জৰিত হৈ আছে৷ এইকেইগৰাকী হৈছে নৰেন্দ্ৰ মোদী, মোহল ভাগৱত, অজিত ডোভাল, আম্বানী আৰু আদানী৷’
ৰাহুলে লগতে কয়, ‘দেশত ত্ৰাসৰ পৰিবেশ তৈয়াৰ হৈছে৷ মন্ত্ৰীসকল ভয়ে ভয়ে আছে৷ কৃষক ভয়ে ভয়ে আছে৷ যুৱক ভয়ে ভয়ে আছে৷ শ্ৰমিকেও ভয় খাই জীয়াইছে৷ ৰাহুলে লগতে কয়, ক’ৰনাৰ সময়ত আপোনালোকে শেষ কৰি দিছে ক্ষুদ্ৰ ব্যৱসায়, যাৰ ফলত নিবনুৱ বাঢ়িছে৷ ইয়াত বিত্ত মন্ত্ৰী বহি আছে৷ এতিয়া বিত্তমন্ত্ৰীলৈ মোৰো প্ৰশ্ন যুৱকক লৈ আপোনাৰ পৰিকল্পনা কি? আপুনি ইণ্টাৰ্ণচিপৰ কথা কৈছে কিন্তু এয়া এক কৌতুকহে হৈ পৰিছে এই দেশৰ নিবনুৱাৰ সন্মুখত৷ আপোনালোকে কৈছে যে হিন্দুস্তানৰ ৫০০টা কোম্পানীত চাটাই কৰিছে৷ আপোনালোকে আগতে ভৰি ভাঙি এতিয়া মলম লগোৱা কাম কৰাৰ মন মেলিছে৷’
ৰাহুলে ইয়াৰ লগতে কয়, ‘আজি যুৱকসকলৰ সন্মুখত পেপাৰ লিকৰ ঘটনা সকলোতকৈ ডাঙৰ সমস্যা৷ এফালে নিবনুৱা বাঢ়িছে আনফালে পেপাৰ লিকৰ চক্ৰবেহু৷ বিগত ১০ বছৰত ৭০বাৰ পেপাৰ লিকৰ ঘটনা হৈছে৷ প্ৰথমে আপোনালোকে সেনাক অগ্নিবীৰৰ চক্ৰবেহুত ফঁচালে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















