হাথৰছৰ দুৰ্ঘটনাত আক্ৰান্তসকলৰ পৰিয়ালৰ কাষত বিৰোধী নেতা ৰাহুল গান্ধী৷ উত্তৰপ্ৰদেশত উপস্থিত হৈয়েই যোগীক উদাৰ হ’বলৈ অনুৰোধ জনাইছে ৰাহুল গান্ধীয়ে৷ এখন চিঠি লিখি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলনেতা ৰাহুলে কয়, ‘এই সন্তাপৰ দিনত আমি সন্মিলীত সাহায্য আৰু সমবেদনা দিয়াটো আমাৰ কৰ্তব্য৷’ কেৱল সেয়াই নহয়, নিহতৰ পৰিয়াল আৰু আহতৰ পৰিয়ালৰ কাষত ঠিয় দিয়াটোৱেই এখন ৰাজ্যৰ চৰকাৰৰ দায়িত্ব শেষ নহয়৷ যোগীয়ে এতিয়া কি কি কৰিব লাগে সেই পৰিয়াল কেইটিৰ বাবে সেই কথাও চিঠিৰ মাধ্যমেৰে বুজাই দিছে বিৰোধী দলপতি ৰাহুলে৷
বিগত মঙলবাৰে হাথৰচত এক স্বঘোষিত আধ্যাত্মিক গুৰুৰ সৎসংগ অনুষ্ঠানত পদপিষ্ট হৈ মৃত্যু হৈছে মহিলা শিশু পুৰুষকে ধৰি একাধিক ভক্তৰ৷ আহত হৈছে হাজাৰৰো অধিক ভক্ত৷ সেই ঘটনাৰেই বুজ ল’বলৈ নিহতৰ পৰিয়ালৰ কাষত ঠিয় দিছে ৰায়বৰেলীৰ সাংসদ ৰাহুল গান্ধী৷ নিহতৰ পৰিয়াল আৰু আহতৰ পৰিয়ালৰ সৈতে কথা পতাৰ পাছতেই ৰাহুলে যোগীলৈ লিখিছে এখন মুকলি চিঠি৷
ৰাহুলে লিখিছে, ‘আক্ৰান্তৰ পৰিয়ালৰ সৈতে কথা পাতি তেওঁলোকৰ সমস্যাৰ কথা জানিলো৷ তেওঁলোকৰ শোক, সন্তাপ, বেদনা ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰিছো৷ মই জানো এই পৰিয়ালসমূহৰ যি ক্ষতি হৈছে সেয়া কোনো সাহায্যই পূৰণ কৰিব নোৱাৰে৷ নিহতৰ পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰে যি অৰ্থ সাহায্য ঘোষণা কৰিছে সেয়া অত্যন্ত কম৷ অপৰ্যাপ্ত৷ মোৰ অনুৰোধ এই এককালীন অৰ্থ সাহায্যৰ অংক আৰু অলপ বঢ়াই দিয়ক৷ দ্ৰুতভাৱে তেওঁলোকৰ হাতত যাতে সেই ধন পৰে তাৰো ব্যৱস্থা কৰক৷ ইয়াৰোপৰি আহতসকলক যথোপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















