জল্পনা কল্পনাৰ অন্ত! কংগ্ৰেছৰ দুৰ্গ ৰায়বৰেলী আৰু আমেঠীৰ প্ৰাৰ্থীৰ নাম সদৰি, এখনত ৰাহুল গান্ধী- আনখনত কোন?
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ সময় কাষ চাপি আহিছে। ইতিমধ্যে প্ৰায় সকলো সমষ্টি তথা আসনৰে প্ৰাৰ্থীৰ নাম সদৰি, লগতে সকলো সমষ্টিতে প্ৰাৰ্থী সকলেও মনোনয়ন দাখিল কৰিছে। আজি ৩ মে’ তাৰিখ মনোনয়ন দাখিলৰ অন্তিম সময়। আজি দুপৰীয়া ৩ বজাৰ পূৰ্বে দাখিল কৰিব লাগিব মনোনয়ন।
সেয়ে বহু অপেক্ষাৰ অন্তত পুৱা ৭.৩০ মান বজাত সদৰি কৰা হয় দুয়োটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম। ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধী আৰু আমেঠীৰ পৰা কিশোৰী লাল শৰ্মা।
প্ৰাণিধানযোগ্য যে, এই সকলোবোৰৰ বিপৰীতে দেশৰ সবাতোকৈ চৰ্চিত তথা কংগ্ৰেছৰ দুৰ্গ খ্যাত উত্তৰ প্ৰদেশৰ আমেঠী আৰু ৰায়বৰেলী সমষ্টিৰ আজি পুৱা পৰ্যন্ত সদৰি হোৱা নাছিল প্ৰাৰ্থীৰ নাম। যাক লৈ বিজেপিৰো কিছু চিন্তাৰ কাৰণ হৈ পৰিছিল। হেৰুৱাব নেকি সেই দুখন আসন!
আনহাতে ৰাহুল গান্ধীয়ে কালি নিশালৈকে কৈ আছে এই দুয়োখন আসনত এইবাৰ গান্ধী পৰিয়ালৰ কোনো লোকে নিৰ্বাচন নেখেলে, বাহিৰৰ লোকক হে টিকট দিয়াৰ ইচ্ছা প্ৰকাশ কৰি আহিছিল কংগ্ৰেছৰ অন্যতম নেতা ৰাহুল গান্ধীয়ে।
কিন্তু এই সকলোবোৰৰ বিপৰীতে কালি দোভাগ নিশালৈ চলে কংগ্ৰেছৰ বৈঠক। আনহাতে আমেঠী আৰু ৰায়বৰেলী সমষ্টি দুটাতো পোষ্টাৰ লগোৱা হৈ গৈছে। আজি ৰেলীৰ বাবেও সকলো প্ৰস্তুতি হৈ গৈছে।
গোপন সূত্ৰে জানিব পৰা অনুসৰি, কালি নিশাৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়েই নামিব নিৰ্বাচনত। কিন্তু পুৱাসৈ ঠিক হোৱা নাই কোন হ’ব আমেঠীৰ প্ৰাৰ্থী। কিয়নো আমেঠীত ইতিমধ্যে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ লগতে স্বামী ৰবাৰ্ট বাড্ৰা আৰু কংগ্ৰেছ জ্যেষ্ঠ নেতাৰো পোষ্টাৰ চাৰিওফালে লাগি আছিল।
উল্লেখ্য যে, ২০০৪ চনৰ পৰা নিৰবিচ্চিন্ন ভাৱে ২০১৯ বৰ্ষলৈ আমেঠীৰ পৰা সাসংদ নিৰ্বাচিত হৈ আছিল ৰাহুল গান্ধী। পাছে ২০১৯ চনত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল ৰাহুল। সেয়ে এইবাৰ স্মৃতি ইৰাণীৰ সমুখত গান্ধী পৰিয়ালৰ কিশোৰী লালক নিৰ্বাচনত নমোৱাৰ কথা ওলাইছিল, আৰু সেই মতেই এতিয়া স্মৃতি ইৰাণীৰ বিপক্ষত নামিব কিশোৰী লাল শৰ্মা।
ইতিমধ্যে উত্তৰ প্ৰদেশলৈ বুলি ৰাওনা হৈছে গান্ধী পৰিয়াল। পুৱাৰ ১০ বজাৰ আগে আগে উপস্থিত হ’ব দুয়োটা সমষ্টিত। কিয়নো আজি মনোনয়ন দাখিল কৰিব লাগিব , লগতে আছে ৰোড শ্বো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ