বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমত উপস্থিত হৈছে ৰাহুল গান্ধী৷ সোমবাৰে পুৱাই বিশেষ বিমানেৰে শিলচৰলৈ আহিছে ৰাহুল৷ কাছাৰ জিলাৰ কেইবাটাও বৰ্ন্যাতৰ কেম্পত উপস্থিত হৈ বান দুৰ্দশাৰ বুজ লৈছে বিৰোধী দলপতি ৰাহুলে৷ বিৰোধী নেতা হোৱাৰ পাছতেই এয়া ৰাহুলৰ প্ৰথম উত্তৰপূৱ ভ্ৰমণ৷ সোমবাৰে অসমৰ পৰা তেওঁ মণিপুৰলৈ ৰাওনা হৈছে৷
ৰাহুলৰ এই যাত্ৰাক লৈ এতিয়া সামাজিক মাধ্যমতো চলিছে বাক বিতণ্ডা৷ কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত চলিছে এই বাক বিতণ্ডা৷ কংগ্ৰেছৰ বক্তব্য, বান বিধ্বস্ত অসমতো বাদেই গোষ্ঠীহিংসাৰে দীৰ্ণ মণিপুৰলৈ যাবলৈ প্ৰধানমন্ত্ৰীৰ তৃতীয় কাৰ্যকালতো সময়ৰ অভাৱ৷ দেশৰ ৰাজ্যকেইখনৰ জনতাৰ দুৰ্ভোগ আঁতৰ কৰাতকৈ তেওঁ বিদেশ ভ্ৰমণেই অত্যধিক গুৰুত্বপূৰ্ণ৷ কিন্তু ৰাহুল তেনে নহয়৷ ৰাহুলে হিংসাজৰ্জৰ মণিপুৰৰ খবৰ প্ৰতিসময়তে ৰাখিছে, লোকসকলৰ হৈ সংসদত মাত মাতিছে৷ উত্তৰ পূৱৰ কথা ৰাহুলে বাৰে বাৰে ভাৱিছে৷ কংগ্ৰেছৰ এই মন্তব্যসমূহৰ জৱাব দিছে বিজেপিয়েও৷ বিজেপিয়ে কংগ্ৰেছক কটাক্ষ কৰি কৈছে, ৰাহুল মানুহৰ দুৰ্দশা চোৱাৰ পৰ্যটক৷
সোমবাৰে দুপৰীয়াৰ ভাগতেই মণিপুৰৰ জিৰিবামলৈ ৰাওনা হৈছে ৰাহুল৷ কংগ্ৰেছৰ সূত্ৰৰ খবৰ অনুসৰি তাত থকা গৃহহীন মানুহৰ সৈতে ৰাহুল আজি বাৰ্তালাপত মিলিত হ’ব৷ এতিয়াও কেম্পতেই বন্দী হৈ আছে বহু মানুহ৷ ২০২৩ চনৰ মে মাহৰ পৰাই তাত গোষ্ঠীসংঘাত অব্যাহত আছে৷ গোষ্ঠীহিংসাৰে জৰ্জৰ মণিপুৰলৈ ৰাহুলৰ এবছৰত তৃতীয়টো ভ্ৰমণ৷
জিৰিবামলৈ যোৱাৰ পূৰ্বে সাতভনীৰ এগৰাকী ভনীয়েক অসমৰো খবৰ ৰাহুলে লৈছে৷ অসমৰ বান পৰিস্থিতিৰ বুজ ওচৰৰ পৰা লৈছে ৰাহুলে৷ বিগত কেইবাদিনো ধৰি ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বানপৰিস্থিতি৷ ৰাজ্যৰ ২৮খন জিলাই এতিয়া বানৰ কৱলত৷ ২২ লাখ ৭০ হাজাৰ মানুহ এতিয়া বানৰ কৱলত৷ ইয়াৰ মাজতেই ৭৮ জনে প্ৰাণ হেৰুৱাইছে৷
ইফালে মণিপুৰত বিগত ১৪ মাহ ধৰি চলা গোষ্ঠীসংঘাতত ২০০ লোকে প্ৰাণ হেৰুৱাইছে৷ বিগত কেইমাহমান অশান্তি কমিছে যদিও এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই সংঘাত৷ অসম সীমন্তৰ জিৰিবামত এতিয়াও অব্যাহত আছে হিংসা৷ প্রাথমিক তথ্যমতে জিৰিবামৰ পৰা স্থলপথেৰেই আকৌ শিলচৰলৈ উভতিব ৰাহুল৷ তাৰপাছতহে মণিপুৰৰ ৰাজধানী ইম্ফললৈ যাত্ৰা কৰিব ৰাহুলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ