অসম লাইভ২৪ঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে লাডাখ সীমান্তলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে লাডাখ সীমান্তত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল। ৰাহুলৰ মতে, ‘লাডাখ সীমান্তত চীনে ভাৰতৰ মাটি দখল কৰিছে। অথচ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কয় এক ইঞ্চিও মাটি চীনক নিদিও।’
ৰাহুলে কৰা এই দাবী এতিয়া মিছা বুলি দাবী কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। পিতৃ ৰাজীৱ গান্ধীৰ জন্মদিনত পেংগং লেকলৈ গৈছিল ৰাহুল গান্ধী। ৰাহুলে কিয় পেংগং লেকলৈ গৈছিল সেই সন্দৰ্ভত ৰাহুলে কয়, ‘দেউতাই কৈছিল পেংগং লেক বিশ্বৰ আটাইতকৈ সুন্দৰ ঠাই। কেৱল ৰাজনীতিতেই নহয় জীৱনটোকো সুযোগ বুজি উপভোগ কৰিব লাগে।’ পিতৃৰ এই কথা ৰাহুলেও বিশ্বাস কৰে সেয়ে তেওঁ পিতৃয়ে ভাল বুলি কোৱা বিশেষ ঠাইখনলৈ পিতৃৰ জন্মদিনতেই যাত্ৰা কৰিছে। সাংসদ পদ উভতাই পোৱাৰ পাছতেই এই কাশ্মীৰ যাত্ৰাত ৰাজনৈতিক উদ্দেশ্যও জড়িত হৈ আছে। ছেপ্টেম্বৰতেই কাৰ্গিল হিল কাউঞ্চিলৰ নিৰ্বাচনো। এই নিৰ্বাচনতেই কংগ্ৰেছৰ সৈতে জোঁটবন্ধনো হ’ব। ওমৰ আব্দুল্লাহৰ নেশ্ব্যনেল কনফাৰেন্সৰ সৈতে জোঁটবন্ধন হ’ব কংগ্ৰেছৰ। এই বিষয়টোক লৈ তাৰ নেতাসকলৰ সৈতে আলোচনাতো মিলিত হৈছিল ৰাহুল গান্ধী।
শনিবাৰে পেংগং লেকত উপস্থিত হৈ সৰ্বভাৰতীয় সংবাদমাধ্যমত ৰাহুল গান্ধীয়ে কয়, ‘এই স্থানৰ পৰা চীনে ভাৰতৰ মাটি দখল কৰিবলৈ আৰম্ভ কৰিছে। এয়া দেশৰ বাবে অত্যন্ত উদ্বেগৰ বিষয়। চীনৰ ৰঙা ফৌজে ভাৰতৰ মাটিত সোমাই পৰিছে। ধীৰে ধীৰে বহু মাটি দখল কৰিছে চীনে।’
কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাহুলৰ এই মন্তব্যৰ পাছতেই কয়, ‘ভাৰতৰ এক ইঞ্চি মাটিও চীনে দখল কৰা নাই। এই সকলোবোৰ অভিযোগ মিছা। প্ৰয়োজন হ’ল স্থানীয় লোকক এই বিষয়ে সোধপোছ কৰক। তেওঁলোকেতো মিছা নামাতে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ