ডিজিটেল ডেস্কঃ ভাৰত জোডো় ন্যায় যাত্ৰা আধাতে সামৰি লকআপত সোমাব পাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অতি সোনকালে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙি একাংশ কংগ্ৰেছ কৰ্মী সংঘাতত লিপ্ত হৈছিল। এই সংঘাতত এগৰাকী আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিও আঘাতপ্ৰাপ্ত হৈছিল। এই সমগ্ৰ দৃশ্য যুৱ কংগ্ৰেছেৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসন বি ভিয়ে মুখ্যমন্ত্ৰীৰ টেগ কৰি টুইট কৰিছিল।
এই টুইটৰ ৰিটুইট কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাহুল গান্ধীৰ এনে অনৈতিক ব্যৱহাৰে অসমৰ দৰে এখন শান্ত ৰাজ্যক অশান্ত কৰি তুলিছে। নক্সালৰ আৰ্হিত এনে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটত উল্লেখ কৰি কয় যে, ৰাহুলৰ অনৈতিক ব্যৱহাৰ, হিংসাই ব্যাপক যানযটঁৰ সৃষ্টি কৰিছে। এইবোৰ অসমীয়া সংস্কৃতি নহয়, অসমীয়া জাতিৰ বাবে এইবোৰ এলিয়েনৰ দৰে কাৰবাৰ।
হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাহুল গান্ধীৰ বিৰুদ্ধে সামাজিক পৰিৱেশ বিনষ্ট আৰু জনতাক উত্তেজিত কৰি হিংসাত্মক কাৰ্যকলাপৰ বাবে প্ৰৰোচনা কৰা বুলি অভিযোগ আনে। এই হিংসাত্মক পৰিৱেশৰ বাবে জি পি সিঙক অচিৰেই গোচৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
ইফালে কংগ্ৰেছে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰক হিটলাৰৰ সৈতে তুলনা কৰি কটাক্ষ কৰিছে। এই বাধা কংগ্ৰেছে কেতিয়াও মানি নলয় বুলি ইতিমধ্যে নিজৰ মত প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ