ৰাখী ছাৱন্ত মানেই বিতৰ্ক। ব্যক্তিগত জীৱন হওক বা পেছাগত জীৱন, যিকোনো প্ৰকাৰেই খবৰৰ শিৰোনামত উঠে ৰাখী ছাৱন্ত। এইবাৰো ব্যক্তিগত জীৱনৰ এক খবৰক লৈ চৰ্চালৈ আহিছে ৰাখী। তেওঁ পাকিস্তানৰ বোৱাৰী হব বুলি এক গুজৱ ভাইৰেল হৈছিল। সেই গুজৱতেই ছিলমোহৰ মাৰিলে ৰাখীয়ে। এইবাৰ অৱশ্যে ৰাখীৰ কথা কিমান সঁচা সেই বিষয়ক লৈ সন্দেহ প্ৰকাশ কৰিছে বহুজনেই।
সম্প্ৰতি দেশৰ বাহিৰত এক অনুষ্ঠানত পাকিস্তানী তাৰকাসকলৰ সৈতে আলাপ কৰা দেখা গৈছে ৰাখীক। আৰু তাৰ পাছতেই পাকিস্তানৰ অভিনেতা তথা প্ৰযোজক ডোডি খানৰ সৈতে ৰাখীৰ সম্পৰ্কক লৈ গুঞ্জৰ আৰম্ভ হয়। ৰাখীক ডোডিয়ে বিবাহৰ প্ৰস্তাৱ দিছে বুলিও জনা গৈছে। এক সৰ্বভাৰতীয় সংবাদমাধ্যমে সেই বিষয়ক লৈ মুখ খুলিছে ৰাখীয়ে।
ডোডিৰ সৈতে তেওঁৰ সম্পৰ্ক গুজৱ নহয় এয়া সম্পূৰ্ণ সত্য বুলি জনাইছে ৰাখীয়ে। তেওঁ কয় যে- এয়া একেবাৰেই সত্য়। মই পাকিস্তানৰ লাহৌৰত আছো। হানিয়া এতিয়া মহাতাৰকা। তেওঁৰ সৈতে কিছু কাম আছে। ডোডি আৰু মোৰ বহু দিনৰ বন্ধুত্ব সম্পৰ্ক। তেওঁ মোক বিবাহৰ প্ৰস্তাৱ দিছে। মোৰো ভালেই লাগিছে। ময়ো পাকিস্তানৰ বোৱাৰী হোৱাৰ কথাই ভাৱিছো।
ৰাখিয়ে লগতে কয়- ডোডি মোৰ প্ৰেম। আমি পৰস্পৰে পৰস্পৰক ভালপাওঁ। তেওঁ পাকিস্তানী আৰু মই ভাৰতীয়। আমাৰ বিয়া সম্পূৰ্ণ ভালপোৱাৰে পৰিবেষ্টিত হৈ থাকিব। ছচিয়েল মিডিয়াত এই মন্তব্য় ভাইৰেল হোৱাৰ পাছতেই বহুতে ৰাখীৰ এই দাবীক লৈ সন্দেহো প্ৰকাশ কৰিছে। প্ৰচাৰৰ আওঁতালৈ আহিবলৈকে ৰাখীয়ে এই কথা কোৱা বুলি বহুজনে দাবীও কৰিছে।
কিন্তু ৰাখীয়ে প্ৰচাৰৰ বাবে কোৱা বুলি ধাৰণা কৰিলেও ডোডিৰ ছচিয়েল মিডিয়া হেণ্ডেল দেখি বহুজনে এই কথা সঁচা বুলিও ধাৰণা কৰিছে। ডোডিয়েও শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ। সেই ভিডিঅত ৰাখীয়ে ডোডিক মুকলিকৈ বিবাহৰ প্ৰস্তাৱ দিছে। ৰাখীয়ে কৈছে- বৰযাত্ৰী লৈ ভাৰত আহিবা নে ডুবাই? তোমাক ভালপাওঁ। ডোডি অভিনেতা আৰু প্ৰযোজক হিচাপে পাকিস্তানত খুবেই জনপ্ৰিয়। ইয়াৰোপৰি পেছাত তেওঁ এগৰাকী আৰক্ষী বিষয়াও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ