ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ ২২ জানুৱাৰীত দোৱাৰ উদঘাটন হব দীৰ্ঘ প্ৰতিক্ষিত ৰাম মন্দিৰৰ । অযোধ্যাত প্ৰতিষ্ঠা হব ৰাম মন্দিৰ প্ৰাণ। বৰ্ণাট্য মুকলি অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুঙ্গত ৷ ৰামলালৰ ৰাম কথা কুঞ্জত পূৰ্ণ গতিত অব্যাহত ১ হাজাৰ মূৰ্তি নিৰ্মাণৰ কাম ।
ৰাম মন্দিৰৰ চাৰিওপালৰ কৰিডৰত স্থাপন হব এই ১ হাজাৰ মূৰ্তি। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰায় ৭০০ মূৰ্তিৰ কাম । সুভাগ্যৰ কথা এই মূৰ্তি নিৰ্মানৰে জড়িত অসমৰ শিল্পী ৰঞ্জিত মণ্ডল । শিলচৰ ইটখলাৰ বাসিন্দা ৰঞ্জিত মণ্ডল ৰাম মন্দিৰৰ ৰাম কথা কুঞ্জৰ মূৰ্তি নিৰ্মাণত জড়িত ২০১৩ চনৰ পৰা ।
ৰামকথা কুঞ্জত ৰামৰ সমগ্ৰ জীৱন কাহিনী বৰ্ণিত হব । মূল মূৰ্তি স্থাপনৰ পাছতে স্থাপন কৰা হব নিৰ্মীয়মাণ এই এহাজাৰ মূৰ্তি । ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য্যৰে জড়িত নিজকে সুভাগ্যবান আখ্যা ৰঞ্জিত মণ্ডলৰ ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















