অসম লাইভ ২৪ঃ ক’ভিড-১৯ৰ প্ৰতিষেধক বিচাৰি সমগ্ৰ বিশ্ব চিন্তাজৰ্জৰ হৈ থকাৰ সময়ত হঠাৎ ৰামদেৱে ক’ৰোনাৰ প্ৰতিষেধক-ঔষধ উদ্ভাৱন কৰা বুলি সংবাদমেল পাতি জাহিৰ কৰিছিল। ইয়াৰ পাছতে আয়ুস মন্ত্ৰ্যালয়ে ক’ৰ’নিল নামৰ ৰামদেৱৰ ঔষধবিধৰ প্ৰচাৰত বাধা আৰোপ কৰিছিল। বুধবাৰে ৰামদেৱে আয়ুস মন্ত্ৰ্যালয়ৰ পৰা ক’ৰ’নিলে ক্লীনশ্বীট পোৱা বুলি দাবী কৰে। কিন্তু এইবাৰ ক’ৰ’নিললৈ আঙুলি টোঁৱাইছে ৰাজস্থান উচ্চ ন্যায়ালয়ে। ৪ সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ইন্দ্ৰজিত মাহান্তিৰ খণ্ড বিচাৰপীঠে আয়ুস মন্ত্ৰ্যালয়, ICMR, পতঞ্জলি আয়ুৰ্বেদ, নিম্ছ হাস্পতাল, ৰাজ্য চৰকাৰ, চিকিৎসা আৰু স্বাস্থ্য বিভাগলৈ ৪ সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে। ক’ৰ’নিলৰ পৰীক্ষণত নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন হৈছে ন্যায়ালয়ত। ৰাজস্থান হাইক’ৰ্টত অধিবক্তা এছ কে সিঙে এই সন্দৰ্ভত আৱেদন দাখিল কৰিছে। পৰীক্ষণৰ পূৰ্বে ল’ব লগা অনুমতিও ক’ৰ’নিলৰ নিৰ্মাতাই নোলোৱাৰ অভিযোগ উঠিছে। এই সকলো অভিযোগৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানত ক’ৰ’নিলৰ বিক্ৰী বন্ধ ৰাখিবলৈ ন্যায়ালয়ক অনুৰোধ জনাইছে অধিবক্তাগৰাকীয়ে। আৱেদনকাৰীৰ অভিযোগৰ ভিত্তিত ন্যায়ালয়ে ক’ৰ’নিলৰে জড়িত সকলো পক্ষলৈ জাননী জাৰি কৰিছে। নিম্ছ হাস্পতালত পতঞ্জলি আয়ুৰ্বেদে ক’ৰ’নিলৰ পৰীক্ষণ সম্পন্ন কৰা বুলি দাবী কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ