• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অল ইণ্ডিয়া ৰেডিঅ’ত অসমীয়া নাটকৰ ৭২ বছৰ পূৰ্ণ

অল ইণ্ডিয়া ৰেডিঅ’ত অসমীয়া নাটকৰ ৭২ বছৰ পূৰ্ণ

6 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

7 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

7 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

8 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

9 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

9 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

10 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

10 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

11 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

11 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

12 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

13 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

অল ইণ্ডিয়া ৰেডিঅ’ত অসমীয়া নাটকৰ ৭২ বছৰ পূৰ্ণ

স্বনামধন্য নাট্যশিল্পী সত্যপ্ৰসাদ বৰুৱা

editor by editor
July 6, 2020 - Updated on July 7, 2020
in লেখা
0
অল ইণ্ডিয়া ৰেডিঅ’ত অসমীয়া নাটকৰ ৭২ বছৰ পূৰ্ণ
25
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অল ইণ্ডিয়া ৰেডিঅ’যোগে অসমীয়া নাটক প্ৰচাৰ হোৱাৰ ৭২ বছৰ পূৰ্ণ হ’ল।

“ধৰালৈ যিদিনা নামিব সৰগ” নাটকখন আছিল অল ইণ্ডিয়া ৰেডিঅ’ যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।১৯৪৮চনৰ ৬ জুলাইত প্ৰচাৰ হৈছিল এই নাটকখন।স্বনামধন্য নাট্যশিল্পী সত্যপ্ৰসাদ বৰুৱাই ৰচনা কৰিছিল নাটকখন।

 

নাট্যশিল্পী, সাহিত্যিক সত্য প্ৰসাদ বৰুৱাই ১৯১৯ চনৰ ২৯ অক্টোবৰত  মিজোৰামৰ আইজলত জন্মগ্ৰহণ কৰিছিল। সত্য প্ৰসাদ বৰুৱাৰ পিতৃ আছিল গুৰু প্ৰসাদ বৰুৱা আৰু মাতৃ পদ্মৰেখা বৰুৱা। ১৯৩৮ চনত কটন কলেজৰ পৰা অৰ্থনীতিত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰা সত্য প্ৰসাদ বৰুৱাই ওকালতিৰ শিক্ষা গ্ৰহণ কৰে। শিক্ষা শেষ কৰি আদালতলৈ যায়, যদিও ওকালতিৰ কামৰ পৰা বিদায় লয়। জীৱন জীৱিকাৰ কথা চিন্তা কৰি বৰুৱাই মাতৃৰ স্মৃতিত পদ্ম প্ৰকাশ নামেৰে এটি প্ৰকাশন প্ৰতিষ্ঠান মুকলি কৰে। উক্ত প্ৰতিষ্ঠানটোৰ পৰাই কেইবাখনো আপুৰুগীয়া গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। ১৯৪৮ চনত বৰুৱাই অল ইণ্ডিয়া ৰেডিঅ’ত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগ দি চাকৰি জীৱনৰ পাতনি মেলে। ১৯৬৫ চনলৈকে ৰেডিঅ’ত কাম কৰি সেই বছৰতে অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক ৰূপে যোগদান কৰে। ১৯৭০ চনত বিভাগটোৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৭২ চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালকৰূপে দায়িত্ব গ্ৰহণ কৰি ১৯৭৪ চনত চাকৰিৰ পৰা অৱসৰ লয়।

 

গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল সত্য প্ৰসাদ বৰুৱা। অসমীয়া ৰক্ষণশীল সমাজত নাৰীক পুৰুষৰ লগত অভিনয় কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বৰুৱাই।তদুপৰি সাংবাদিক হিচাপে তেখেতে চাইক্ল’ৰমা নামৰ এটি শিতানত “দ্য আছাম ট্ৰিবিউন” কাকতত ১৯৭৬ চনৰ পৰা মৃত্যুৰ আগলৈকে নাটক সমালোচনা কৰে। লগতে দৈনিক অসম, দ্য নৰ্থ-ইষ্ট ক্লেৰিয়ন, নতুন দৈনিক, আজিৰ অসম, প্ৰকাশ, দৈনিক জনমভূমি আৰু বিভিন্ন আলোচনীত বিভিন্ন সাংস্কৃতিক দিশত আলোকপাত কৰে।তেখেতে পাঁচশখনতকৈ অধিক অনাতাঁৰ নাটকত অংশগ্ৰহণ কৰিছিল। সত্যপ্ৰসাদ বৰুৱাই লিখা “ধৰালৈ যিদিনা নামিব সৰগ” নাটকখন আছিল অল ইণ্ডিয়া ৰেডিঅ’ যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।১৯৪৮চনৰ ৬ জুলাইত প্ৰচাৰ হৈছিল এই নাটকখন।

তেখেত সংস্কৃত, প্ৰাকৃত আদি প্ৰাচীন ভাৰতীয় ভাষাৰ নাটসমূহৰ উপৰিও বাংলা, পঞ্জাবী, হিন্দী আদি ভালেসংখ্যক ভাৰতীয় আধুনিক ভাষাৰ নাটক অধ্যয়ন কৰিছিল। সেইসমূহৰ বিষয়ে সত্য প্ৰসাদ বৰুৱাই গ্ৰন্থ, প্ৰবন্ধ ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে। তদুপৰি তেওঁ গ্ৰীক, নৰৱেজিয়ান, ইংৰাজী, ৰুছ আদি ভাষাৰ নাটক অসমীয়ালৈ অনুবাদ কৰি নাট্যপ্ৰেমীক উপকৃত কৰিছিল। ১৯৭৮ চনত তেখেতে ইডিপাছ নাটকত কৰা অভিনয়ৰ বাবে সৰ্বভাৰতীয় সমালোচক সংস্থাৰ “শ্ৰেষ্ঠ অভিনেতা বঁটা” লাভ কৰিছিল।

 

প্ৰায় ছটা দশক ধৰি অসমৰ নাট্য জগতখনৰ সৈতে নিবিড়ভাবে জড়িত অসমৰ আধুনিক নাট্য আন্দোলনৰ পিতৃ স্বৰূপ নাট্যপ্ৰভাকৰ সত্য প্ৰসাদ বৰুৱাৰ ২০০১ চনৰ ২৬ জুনত জীৱন নাটৰ সামৰণি পৰে।

 

সত্যপ্ৰসাদ বৰুৱাৰ সাংস্কৃতিক কৰ্মৰাজি

 

পূৰ্ণাংগ নাটক

 

চাকৈচকোৱা (১৯৪০)

শিখা (১৯৫৭)

জ্যোতি-ৰেখা (১৯৫৮)

জবালা (১৯৭৬)

নায়িকা নাট্যকাৰ (১৯৭৬)

মৃণালমাহী (১৯৭৭)

দেবা: নজানন্তী (১৯৮৬)

ক্ৰছ ফায়াৰ Cross Fire (১৯৮৪)

 

চুটি নাট/ একাংক সংকলন

 

চুটি নাট সংকলন (১৯৫৭)

আনাৰকলি

কুণাল কাঞ্চন

ৰাণাদিল

শাশ্বতী (১৯৬৬)

ভাস্বতী

দুপৰনিশা

উল্লেখযোগ্য যে ভাস্বতীখন ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰাৰ বাবে নেচনেল বুক ট্ৰাষ্টে গ্ৰহণ কৰিছে।

 

নাটিকা

 

আশা

কল্পনাৰ মৃত্যু

ধৰালৈ যিদিনা নামিব সৰগ

ওভাৰকোট

অন্তিম সংগীত

বৰাহ-মিহিৰ

সংলাপ-বিহিন কাৰ্য।

উপন্যাস/গল্প/কবিতা

 

অনাগত (১৯৫৮)

আকৌ যাত্ৰা আৰম্ভ কৰো (১৯৯২)

ছোভিয়েট কবিতাত লেলিন (১৯৮৭)

মননশীল ৰচনা

 

পোহৰ প্ৰয়াসী মন (১৯৯২)

পূৰ্ণাংগ নাট অনুবাদ/অভিযোজনা/ৰূপান্তৰ

 

বনহংসী(১৯৬১)

ৰজা ইডিপাছ (১৯৬৪)

অ’থেলো (১৯৭৪)

মেকবেথ (১৯৮০)

তিনিখন পঞ্জাবী পূৰ্ণাঙ্গ নাটক (১৯৮৬)

সাগৰ চিলনী (১৯৯০)

এণ্টিগনি (১৯৯২)

দ্যা এনিমি অৱ দ্যা পিপ’ল

মঞ্চতত্ত্ব

 

নাটক আৰু অভিনয় প্ৰসংগ (গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ অনাৰ্ছৰ আনুমোদিত পুথি)

নাট্যকাৰ ৰবিন্দ্ৰনাথ (১৯৬৫)

মঞ্চপ্ৰতিভা (১৯৮০)

বাৰটোলট্ ব্ৰেখট (১৯৮০)

আধুনিক নাট চিন্তা (১৯৮৮)

অসমীয়া নাটকত দেশপ্ৰেম

 

কিশোৰ আৰু শিশু সাহিত্য

 

পঞ্জাবৰ লোককথা

আমাৰ নৌসেনা

হাবিৰ এই ঘুলিটো।

 

বিবিধ সম্পাদনা

 

বিশ্ববিখ্যাত চুটি গল্প নটা-পদ্মপ্ৰকাশ

জ্যোতিপ্ৰসাদ ৰচনাৱলী (সম্পাদক মণ্ডলীৰ সদস্য)

প্ৰকাশন পৰিষদৰ প্ৰকাশ, নামৰ আলোচনী খনৰ সম্পাদক মণ্ডলীৰ সদস্য

সাহিত্য অকাডেমীৰ হৈ ২৫খন একাংক নাটৰ সম্পাদনা

বিবিধ ৰচনা: সংবাদ সেৱা

অন্তিম সংগীত

বৰাহ-মিহিৰ

সংলাপ-বিহিন কাৰ্য।

উপন্যাস/গল্প/কবিতা

 

অনাগত (১৯৫৮)

আকৌ যাত্ৰা আৰম্ভ কৰো (১৯৯২)

ছোভিয়েট কবিতাত লেলিন (১৯৮৭)

মননশীল ৰচনা

 

সুন্দৰ সেৱী সংঘ (১৯৩৫)

শৌভিক (১৯৬৮)

থিয়েটাৰ ফাউণ্ডেচন (১৯৯৪)

 

সন্মান আৰু পদবী

১৯৭৮ চনত নাট্যপ্ৰভাকৰ উপাধি শৌভিক গোষ্ঠীৰ দ্বাৰা

১৯৯৩ শংকৰদেৱ বঁটা: অসম চৰকাৰৰ দ্বাৰা

১৯৮৬ চনত সংগীত নাটক অকাডেমী বঁটা: ভাৰত চৰকাৰ, সংগীত নাটক অকাডেমী

১৯৭৫ অসম সাহিত্য সভাৰ তিতাবৰ অধিৱেশনৰ সংগীত অধিৱেশনৰ সভাপতি

১৯৭৮ চনত বিশিষ্ট সাহিত্যিক পেঞ্চন তথা কলিকতাৰ অল ইণ্ডিয়া ক্ৰিটিক এছ’চিয়েচনৰ দ্বাৰা ৰজা ইডিপাছ চৰিত্ৰ ৰূপায়ণৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: all india radiodhrubajyoti kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
মন্ত্ৰীসভাৰ সালসলনি!

মন্ত্ৰীসভাৰ সালসলনি!

মধ্যভোগীৰ কৱলত শাক-পাচলিৰ বজাৰ

মধ্যভোগীৰ কৱলত শাক-পাচলিৰ বজাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.