অসম লাইভ ২৪ঃ ক’ৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যবাসীয়ে হেঁপাহেৰে আদৰিছে বাপতিসাহোন ৰঙালী বিহুক। আজি গৰু বিহু। গৰুৰ শ্ৰীবৃদ্ধি কামনাৰে মাহ হালধীৰে নোৱাই-ধোৱাই ৰাজ্যবাসীয়ে পালন কৰে গৰু বিহু। পৰম্পৰা অনুসৰি, গৰু বিহুৰ দিনটোত দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, মাহ-হালধীৰে নোৱাই-ধুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। সন্ধিয়া গৰুক গোহালিলৈ আনি নতুন পঘাৰে বন্ধা হয়। অৱশ্যে, ক’ৰোনাৰ ভয়াৱহতাৰ বাবে এইবাৰ কিছু ম্লান পৰিছে বিহুৰ আনন্দ। পূৰ্বৰ দৰে উচাহেৰে বাপতিসাহোন বিহুটি পালন কৰিব পৰা নাই অসমীয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ