বাজেটত মধ্যবিত্তৰ বাবে সুখবৰৰ পাছত এইবাৰ ঋণৰ EMI কমাব ৰিজাৰ্ভ বেংকে৷ কেন্দ্ৰীয় বেংকৰ আৰ্থিক নীতি ঘোষণাৰ পাছতেই আহিছে এই সুখবৰ৷ এইবাৰৰ পৰা আৰু কমিব আপোনাৰ গৃহ ঋণ, কাৰ ঋণ, পাৰ্ছনেল ঋণৰ ইএম আই৷ প্ৰতি মাহে কিমান টকাকৈ কমিব EMI?
কিমান সুদৰ হাৰ কমালে ৰিজাৰ্ভ বেংকে
শুকুৰবাৰে RBIৰ এম পি ছি সুদৰ হাৰ ২৫ বেছিছ পয়েণ্ট কমোৱাৰ পাছতেই আপোনাৰ EMIৰ বোজাও কিছু পাতল হ’ব৷ নতুনকৈ যিসকলে গৃহ ঋণ, পাৰ্ছনেল ঋণ, কাৰ ঋণ ল’ব তেওঁলোকৰ EMI শীঘ্ৰেই সস্তা হ’ব৷ ৰেপো ৰেট কমোৱাৰ পাছতেই নতুন ৰেপো ৰেট হৈছে ৬.২৫ শতাংশ৷ যি পূৰ্বে আছিল ৬.৫০শতাংশ৷
আপোনাৰ কিমান টকাকৈ কমিব EMI?
এতিয়া আপুনি উদাহৰণ হিচাপে এই বিষয়টো চাব পাৰে৷ আপুনি যদি ২০বছৰৰ ম্যাদত ৮.৫শতাংশ সুদৰ হাৰত ৫০লাখ টকাৰ গৃহ ঋণ থাকে তেওঁলোকৰ পূৰ্বতকৈ EMI বহু পৰিমানে কমিব৷ ২৫ বেছিছ পয়েণ্ট ৰেট কম হ’লে আপোনাৰ সুদৰ হাৰ ৮.২৫শতাংশলৈ নামি যাব৷ যিয়ে আপোনাৰ মাহিলী EMIক কেনেকৈ প্ৰভাৱিত কৰিব?
গৃহঋণৰ ক্ষেত্ৰত কিমান কমিব EMI?
৮.৫০শতাংশ হাৰত পুৰণি EMI আছিল 43,059 টকা
৮.২৫শতাংশ হাৰত নতুন EMI হ’ব ৪২, ৪৫২ টকা
আপুনি প্ৰতি মাহে প্ৰায় ৬০৭টকা ৰেহাই পাব৷ এক বছৰৰ হিচাপ ধৰিলে আপোনাৰ সঞ্চয় হ’ব ৭,২৮৪ টকা৷ আপুনি ২০ বা ৩০ বছৰৰ ম্যাদত দীৰ্ঘম্যাদি ঋণ লয় তেন্তে আপোনাৰ পূৰ্বতকৈ যথেষ্ট লাভ হ’ব৷
পাৰ্ছনেল ঋণৰ ক্ষেত্ৰত কি হ’ব?
উদাহৰণ হিচাপে যদি ধৰি লওক আপুনি ৫ বছৰৰ ম্যাদত ১২শতাংশ সুদৰ হাৰত ৫লাখ টকাৰ ব্যক্তিগত ঋণ লৈছে৷ তেওঁলোকৰ সুদৰ হাৰ ০.২৫শতাংশ কমিব৷ এই হাৰত EMI হ’ব
১২শতাংশ হাৰত পুৰণি EMI আছিল ১১,২৪২ টকা
১১.৭৫শতাংশ হাৰত নতুন EMI হ’ব ১১,১৪৯টকা
অৰ্থাৎ আপুনি মাহত ১৩৩ টকা আৰু বছৰি ১৫৯৬ টকা ৰেহাই পাব৷
কাৰ ঋণত কি হ’ব?
ধৰা হ’ল ৭ বছৰৰ ম্যাদত ৯.৫শতাংশ সুদৰ হাৰত ১০ লাখ টকাৰ কাৰ ঋণ যিসকলৰ আছে তেওঁলোকৰ ২৫ বেচিচ পয়েণ্ট হ্ৰাসৰ পাছত আপোনাৰ EMI কমি যাব৷
৯.৫শতাংশ হাৰত পুৰণি EMI আছিল ১৬,৬৫৯ টকা
৯.২৫শতাংশ হাৰত নতুন EMI হ’ব ১৬৫০৭টকা
ফলত প্ৰতিমাহে আপোনাৰ ১৫২ টকা আৰু বাৰ্ষিক ১৮২৪ টকা সঞ্চয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















