অসম লাইভ ২৪ঃ সাধাৰণতে দেখা যায় ইণ্টাৰনেট নথকাৰ বাবেই বহু সময়ত ডিজিটেল পে’মেণ্ট বা ট্ৰান্জেকশ্যনত কিছু অসুবিধাৰ সৃষ্টি হয়৷ এই অসুবিধাৰ বাবে ৰিজৰ্ভ বেংকে এক নতুন ব্যৱস্থা আৰম্ভ কৰিছে ৷ যাৰ জৰিয়তে আপুনি বিনা ইণ্টাৰনেটৰে ডিজিটেল লেনদেন কৰিব পাৰিব৷ ৰিজাৰ্ভ বেংকে অফলাইন অৰ্থাৎ বিনা ইণ্টাৰনেটেৰে কাৰ্ড আৰু ম’বাইলৰ জৰিয়তে কম পৰিমাণৰ ধনৰ লেনদেন কৰিব পাৰিব৷ এবাৰত দুশ টকাৰ লেনদেন কৰিব পাৰিব আপুনি৷ ইয়াৰ উদ্দেশ্য হ’ল যিসমূহ অঞ্চলত ডিজিটেল লেনদেন ইণ্টাৰনেটৰ সুবিধা কম, সেইসমূহ অঞ্চলত এই পদ্ধতিৰে ডিজিটেল লেনদেন কৰা৷ কেন্দ্ৰীয় বেংকৰ অধিসূচনা অনুসৰি কাৰ্ড, ম’বাইলৰ জৰিয়তে কৰিব পাৰিব লেনদেন৷ ইয়াৰ বাবে কোনো ভেৰিফিকেশ্যনৰ প্ৰয়োজন নহ’ব৷ উল্লেখযোগ্য যে বৰ্তমান পাইলট যোজনাৰ জৰিয়তে অতি কমেও দুশ টকাৰ লেনদেন কৰিব পাৰিব আৰু ভৱিষ্যতলৈ ইয়াৰ পৰিমাণ বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ