কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকে বুধবাৰে অৰ্থাৎ ৮ জুন, ২০২২ তাৰিখে বেঞ্চমাৰ্ক পলিচি ৰেট ৰেপো হাৰ ৫০ বেছিছ পইণ্ট অৰ্থাৎ ০.৫% বৃদ্ধি কৰে। ইয়াৰ ফলত এতিয়াৰে ৰেপো ৰেট ৪.৯০% লৈ বৃদ্ধি পাইছে।
দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি পৰীক্ষা কৰিবলৈ আৰবিআইয়ে অৰ্থনীতিত ঋণৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাৰ নীতি ৰেপ’ ৰেট ৫০ পইণ্ট বৃদ্ধি কৰাৰ লগে লগে বেংকৰ পৰা ঋণ লোৱাটো অধিক ব্যয়বহুল হৈ পৰিব। ইয়াৰ কুফল মধ্যবিত্ত আৰু নিম্ন বিত্তই ভুগিব বুলি ধাৰণা কৰা হৈছে৷
মুদ্ৰাস্ফীতি সন্দৰ্ভত কি ক’লে আৰ বি আইৰ গৱৰ্ণৰে?
চলিত বিত্তীয় বৰ্ষৰ মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৬.৭ শতাংশলৈ বৃদ্ধি কৰে ৰিজাৰ্ভ বেংকে। ইয়াৰ পূৰ্বে মুদ্ৰাস্ফীতি ৫.৭ শতাংশ বুলি অনুমান কৰা হৈছিল।
লগতে পঢ়ক তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?
গৱৰ্ণৰ শক্তিকান্ত দাসে সংবাদ মাধ্যমত কয় যে আৰবিআইয়ে মুদ্ৰাস্ফীতি নিজৰ লক্ষ্য পৰিসৰৰ ভিতৰত আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ আশংকা এতিয়াও আছে। শেহতীয়াকৈ টমেটো আৰু খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ বাবে মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা ত্ৰৈমাসিকত মুদ্ৰাস্ফীতি ৬ শতাংশৰ ওপৰত থাকিব বুলি আশা কৰা হৈছে। কিন্তু চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাই মুদ্ৰাস্ফীতি হ্ৰাস কৰিব।
লগতে পঢ়ক স্বাস্থ্যজনিত সমস্যা! EDৰ চমনক উপেক্ষা কৰিব নেকি ছোনিয়া গান্ধীয়ে?
জিডিপি বৃদ্ধিৰ পূৰ্বাভাস ৭.২%
চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ৰ অৰ্থনৈতিক বৃদ্ধিৰ পূৰ্বাভাস ৭.২ শতাংশ নিৰ্ধাৰণ কৰিছে আৰবিআইএ। গৱৰ্ণৰ শক্তিকান্ত দাসে সংবাদমেলত কয় যে বিশ্বৰ দেশসমূহৰ অৰ্থনৈতিক ব্যৱস্থা দুৰ্বল হৈ থকাৰ পিছতো ভাৰতীয় অৰ্থনীতিয়ে শক্তি প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে ৰেপোৰ হাৰ এতিয়াও মহামাৰীৰ পূৰ্বৰ স্তৰৰ তলত আছে, চহৰৰ চাহিদা উন্নত হৈছে আৰু গ্ৰাম্য চাহিদাও ক্ৰমান্বয়ে উন্নত হৈছে।
ইয়াৰ উপৰিও আন কিছুমান ঘোষণা কৰাৰ সময়তে আৰবিআইয়ে গ্ৰাম্য সমবায় বেংকসমূহক বাণিজ্যিক ৰিয়েল এষ্টেটক ঋণ দিবলৈ অনুমতি দিছে। ইয়াৰ লগতে নগৰ সমবায় বেংকসমূহকো তেওঁলোকৰ ঘৰত বেংক সম্পৰ্কীয় সুবিধা প্ৰদানৰ অনুমতি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ