ৰঙা চন্দনেৰে সৎকাৰ কৰা হব জুবিন গাৰ্গক। প্ৰায় ১০ ডাল চন্দন গছ কাটি অনা হৈছে সৎকাৰৰ বাবে। জুবিন গাৰ্গৰ বাবে বিনামূলীয়াকৈ একাংশই প্ৰদান কৰিছে ৰঙা চন্দন। ডিমৰীয়া অঞ্চলৰ গাওঁৰ পৰা অনা হৈছে ৰঙা চন্দন। বাকী ডাঙৰ ৰঙা চন্দন গছ ঘন বনাঞ্চলৰ পৰা অনা হৈছে। জুবিন গাৰ্গক ৰঙা চন্দনেৰে বিদায় দিবলৈ পায় ডিমৰীয়া অঞ্চলৰ যুৱপ্ৰজন্ম খুবেই আনন্দিত। প্ৰাণৰ শিল্পীজনক এনেকৈ বিদায় দিবলৈ সুযোগ পোৱাটোৱেই তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ সুখ বুলিও জনাইছে।
প্ৰায় ১০ বিঘা মাটিত হব জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। তাতই উদ্য়ানো গঢ়ি তোলা হব। যিহেতু জুবিন গাৰ্গে প্ৰকৃতি ভালপাইছিল। সেয়ে গছ গছনিও সেই স্থানত ৰোৱা হব। আজিৰে পৰাই জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবৰ বাবে সেই স্থানত ৰৈ আছে বহুলোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















