বহুতে এনে এটা সম্পৰ্কত জড়িত হৈ পৰে য’ত তেওঁলোকে সুখ বা সন্তুষ্টিতকৈ বেছি অশান্তি আৰু অসুবিধাহে লাভ কৰে। নিজৰ হৃদয় ভাঙি বা সেই ব্যক্তিজনৰ পৰা আঁতৰি যোৱাৰ কথাত হয়তো গুৰুত্ব নিদিয়ে, কিন্তু তেনে কৰাটো ভুল।
বহু সময়ত এনেকুৱাও হয় যে কেৱল এজন ব্যক্তিৰ বাবেই সম্পৰ্ক এটা স্থায়ী হয় আৰু তেওঁৱেই সম্পৰ্কটোক চলাই থাকে। ইয়াত প্ৰশ্ন উত্থাপন হয় যদি আনজনৰ কোনো আগ্ৰহ নাই, তেতিয়া তেওঁ কিয় এই সম্পৰ্কত থাকে?
এই উত্তৰ শুনিলে নিশ্চয় হৃদয় ভাঙিব পাৰে! কিন্তু বহুক্ষেত্ৰত এনেকুৱা হয় যে তেওঁৰ প্ৰয়োজন পূৰণৰ বাবে তেওঁ সম্পৰ্কটো বজাই ৰাখে। এনে অৱস্থাত সাৱধান হওক কাৰণ তেওঁ কেৱল নিজৰ প্ৰয়োজন বাবে এটা সম্পৰ্কৰ নাম দি আপোনাক ব্যৱহাৰ কৰি আছে।
লগতে পঢ়ক মোবাইল ফোনৰ বাবে আপুনি হৈ পৰিছে বয়সতকৈ আগতেই বৃদ্ধ! জানক কেনেকৈ?
যদি আপুনিও সম্পৰ্কটোত এনে ধৰণৰ অনুভৱ কৰিছে, তেন্তে আপুনি তলত উল্লেখ কৰা লক্ষণসমূহক গুৰুত্ব দিয়াটো প্ৰয়োজন৷ যদি আপোনাৰ সংগীৰ ক্ষেত্ৰতো তলত উল্লেখ কৰা লক্ষণসমূহ প্ৰত্যক্ষ কৰে তেনে এইটো নিশ্চিত কৰিব পাৰে যে আপোনাৰ সংগীয়ে আপোনাক ব্যৱহাৰ কৰিহে আছে!
সদায় বিল দিব লাগে
যদি আপুনি আৰু আপোনাৰ সংগীয়ে বজাৰ কৰিবলৈ গৈ আছে বা ক’ৰবালৈ গৈ আছে আৰু প্ৰতিবাৰেই আপুনিয়েই খৰচ বহন কৰি আছে, তেন্তে বুজি লওক যে আপোনাৰ সংগীয়ে আপোনাৰ পৰা আৰ্থিক সুবিধাৰ সুযোগ লৈছে। এই কথা কেৱল ল’ৰাৰ ক্ষেত্ৰতে নহয় ছোৱালীৰ ক্ষেত্ৰতো প্ৰযোজ্য।
সদায় ব্যস্ত থাকি কেৱল কামৰ সময়ত ফোন কৰে
যদি আপোনাৰ সংগীয়ে সদায় নিজৰ কামতে ব্যস্ত থাকে আৰু মাত্ৰ তেওঁৰ কিছুমান কামৰ বাবেহে আপোনাক মনত ৰাখে, তেন্তে বুজি লওক যে তেওঁ কেৱল আপোনাক ব্যৱহাৰ কৰিছে। গোটেই দিনটো বা কেইবাদিনো পাৰ হোৱাৰ পিছতো তেওঁ আপোনাৰ বিষয়ে একো এটা নোসোধে তেনে তেওঁ আপুনি সম্পৰ্কটোকলৈ চিন্তা কৰাতো নিতান্তই প্ৰয়োজন৷
লগতে পঢ়ক শ্বেয়াৰ বজাৰত মাল্টিবেগাৰ ষ্টকৰ যাদু : এবছৰত ১০ হাজাৰ টকাত লাভ ৫.৩০ লাখ!
ভৱিষ্যতৰ প্ৰতি কেতিয়াও আগ্ৰহী নহয়
যেতিয়াই আপুনি আপোনাৰ ভৱিষ্যতৰ বিষয়ে কিবা ক’ব বিচাৰে আৰু সংগীয়ে কেতিয়াও সেই বিষয়ে কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ নকৰে, তেতিয়া বুজিব যে তেওঁ আপোনাৰ প্ৰতি ছিৰিয়াছ নহয় আৰু কেৱল আপোনাক ব্যৱহাৰ কৰিব বিচাৰে।
অনুভৱবোৰ বুজি নোপোৱা
সম্পৰ্ক মানে কেৱল ভ্ৰমণ বা বজাৰ কৰাই নহয়, ইজনে সিজনৰ লগত আৱেগিকভাৱে সংযোগ স্থাপন কৰাও। যদি তেওঁ আপোনাৰ অনুভৱবোৰ বুজি নাপায় আৰু কেতিয়া তেওঁক আটাইতকৈ বেছি প্ৰয়োজন হয় কিন্তু তেওঁ আপোনাক কেতিয়াও গুৰুত্ব নিদিয়ে, তেন্তে আপুনি সম্পৰ্কটো পুনৰাই জুকিয়াই চোৱা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ