অসম লাইভ২৪ঃ ৰিচাৰ্জ প্লেনৰ ক্ষেত্ৰত একাধিক প্লেন আনিছে জিঅ’ই। এইবাৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বিশেষ প্লেন আনিছে জিঅ’ই। ৩৬৫ দিনৰ বাবে বিশেষ প্লেন আনিছে জিঅ’ই। এই ৰিচাৰ্জ প্লেনৰ সুবিধা কেৱল প্ৰিপেইড ইউজাৰসকলে লাভ কৰিব। এই নতুন প্লেন ছাবস্ক্ৰাইব কৰিলে ভয়েছ, কলিং, ডাটা, SMS সকলোবোৰ সুবিধাই লাভ কৰিব। এই ৰিচাৰ্ছ প্লেনৰ নাম হৈছে ‘Jio Independence Day’ অফাৰ। এই প্লেনত কি কি সুবিধা থাকিব?
ৰিচাৰ্জ প্লেনটো ল’বলৈ এজন গ্ৰাহকে খৰচ কৰিব লাগিব ২,৯৯৯ টকা। প্ৰতিদিনে ২.৫ জিবি জাটা, আনলিমিটেড ভয়েছ কল, দৈনিক ১০০টা SMS, এই সমস্ত সুবিধা গ্ৰাহকজনে লাভ কৰিব ৩৬৫ দিনলৈ। এই ৰিচাৰ্ছ প্লেনত মুঠ ৯১২.৫ GB ডাটা ৰ ওপৰিও 5G ডাটা অফাৰৰ সুবিধাও লাভ কৰিব। উক্ত অফাৰত অতিৰিক্ত কিছু বৈশিষ্ঠ্য যোগ কৰিছে জিঅ’ই।
কেনকৈ এই ৰিচাৰ্জ কৰিব?
এই ৰিচাৰ্জ ইতিমধ্যে আৰম্ভ হৈছে। MyJio এপৰ ৰিচাৰ্জ চেকছনত ক্লিক কৰি ২,৯৯৯ টকাৰ ৰিচাৰ্জ প্লেনত ক্লিক কৰিলেই সমগ্ৰ তথ্য লাভ কৰিব। এই ৰিচাৰ্জৰ টকা পেমেম্ট কৰিবৰ বাবে ইউপিআই, নেট বেংকিং, বেংক কাৰ্ডসহ একাধিক অপশ্ব্যন পোৱা যাব। জিঅ’ অফিচিয়েল ৱেবচাইটত গৈয়ো আপুনি এই প্লেন এক্টিভ কৰিব পাৰে। পেটিএম, গুগল পে, ফোন পেৰ জৰিয়তে এই ৰিচাৰ্জ সম্ভৱ হ’বনে সেয়া বৰ্তমানো স্পষ্ট নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ