অসম লাইভ ২৪ঃ প্ৰাপ্তবয়স্ক লোকে পচন্দ অনুসৰি সলনি কৰিব পাৰিব ধৰ্ম। ধৰ্মান্তৰকৰণক লৈ ভাৰতত বিতৰ্ক কোনো নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ে ধৰ্মান্তৰকৰণৰ সকলো বিতৰ্কৰ যেন ওৰ পেলালে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কয় যে, ১৮ বছৰৰ ঊৰ্ধ্বৰ এজন প্ৰাপ্তবয়স্ক লোকৰ ধৰ্ম বাছি লোৱাৰ অধিকাৰ আছে। এজন ১৮ বছৰীয়া লোকে নিজ ইচ্ছামতে ধৰ্ম গ্ৰহণ কৰিব পাৰে। এই বিষয়ত আনে হস্তক্ষেপ কৰাৰ যুক্তি নাই। ধৰ্মান্তকৰণ নিয়ন্ত্ৰণৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনৰ ভিত্তিত এই মতামত প্ৰদান কৰিছে ন্যায়ালয়ে। আৱেদনখনৰ শুনানি জাৰি কৰে ন্যায়াধীশ আৰ এছ নৰীমনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ