নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি
কৰুণ ভিডিঅ’, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ দেখি সহশ্ৰজনে দুখ ব্যক্ত কৰিছে। এগৰাকী জোৱানৰ হঠাতে মৃত্যু। নৃত্যৰে এটা ভাগ বুলি দৰ্শকে বজাই থাকিল চাপৰি, পাছে সেয়া আছিল মৃত্যু।
নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি। পাছতহে জানিব পাৰি লাগি যায় হুৱাদুৱা। এক যোগাসন কেন্দ্ৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসিৰ, মধ্যপ্ৰদেশৰ ইন্দোৰত আজি এক যোগাসন কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠান বিশেষে তালৈ আহিছিল এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান। জোৱানগৰাকীয়ে তাত উপস্থিত থকা লোক সকলৰ সমুখত দেশপ্ৰেমমূলক এক গীতত নৃত্য প্ৰদৰ্শন কৰি আছিল।
ত্ৰিৰংগা লৈয়ো দৰ্শকৰ মাজলৈ নাচি নাচি গৈছিল। পুনৰ মঞ্চলৈ উভতি আহি নাচি থাকোতেই হঠাতে হাতৰ পৰা ত্ৰিৰংগা পৰি যায় আৰু লোকগৰাকীয়ো লাহে লাহে শুই পৰে। অন্য এজনে আগবাঢ়ি আহি ত্ৰিৰংগাখন উৰাই দি থাকে। লগতে দৰ্শকেও সেয়া সকলো চাই হাত চাপৰি বজাই থাকে।
https://x.com/Delhiite_/status/1796493039474725184
কোনেও ভুলতো ভাবিব নোৱাৰে জোৱান গৰাকী পৰি যোৱাটো নৃত্যৰ ভাগ নহয় বৰঞ্চ সেয়া মৃত্যু। দৰ্শকৰ হাত চাপৰি পৰিয়ে থাকে। গীত শেষ হোৱাতহে যেতিয়া জোৱানগৰাকী উঠি নবহে তেতিয়াহে তত্ ঘুৰি আহে সকলোৰে। ওচৰ চাপি গৈ পৰীক্ষা কৰি দেখে মৃত্যু হয় জোৱানগৰাকীৰ।
লগে লগে হুৱাদুৱা লাগি যায়। শোকে আগুৰি ধৰে কেন্দ্ৰটো। জানিব পৰা মতে জোৱান গৰাকীৰ নাম বলবীৰ সিং ছাৱড়া, বয়স ৭৩ বছৰ। তেখেতৰ হঠাতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুৰ আশংকা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ। উল্লেখ্য যে, পূৰ্বেই তেখেতে সম্পূৰ্ণ শৰীৰ দান কৰি থৈছে চিকিৎসা ক্ষেত্ৰৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















