অসম লাইভ ২৪ঃ বিবাহ বাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিশেষ টুইট। সোমবাৰে বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই। এই বিশেষ দিনটোত অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনৰ কথা স্মৰণ কৰিলে ৰিণিকি ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়েও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। বিবাহৰ পূৰ্বে সেইসময়ৰ প্ৰেমিকাক মুখ্যমন্ত্ৰী হ’ম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। গভীৰ আত্মবিশ্বাস, কঠোৰ শ্ৰম আৰু মন দৃঢ় হ’লে মানুহ যে এদিন সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰে সেইয়া প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিবাহবাৰ্ষিকী উপলক্ষে টুইটযোগে ৰিণিকি ভূঞা শৰ্মাই কয়, ‘প্ৰকৃতিয়ে দিয়া অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনেই আমাক শক্তিশালী কৰি তুলিছে, আজি আমি বৈবাহিক জীৱনৰ ২০ বছৰ অতিক্ৰম কৰিলো’।
Believe and patience which nature has given in abundance to us which is making us grow stronger every passing day as we cross our 20 th year of our married lives today pic.twitter.com/zkMKnJaEnp
— RINIKI BHUYAN SHARMA (@rinikibsharma) June 6, 2021
জীৱনৰ প্ৰতিটো খোজতে সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছাত্ৰাৱস্থাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ছাঁটোৰ দৰে আছে এসময়ৰ প্ৰেয়সী তথা বৰ্তমানৰ পত্নী ৰিণিকি ভূঞা শর্মা। বিবাহবাৰ্ষিকী উপলক্ষে আজিৰ এই বিশেষ দিনটোত অনুৰাগীয়ে শুভেচ্ছাবাৰ্তাৰে উপচাই দিলে দুয়োগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ