মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ’ল আৰক্ষী পুত্ৰৰো
মহানগৰীৰ লালমাটিত নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষী বিষয়াই। মহানগৰীত তীব্ৰবেগী ছুইফ্ট বাহনৰ খুন্দা কৰুণ মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।
নিমিষতে চূৰ্ণ বিচুৰ্ণ হৈ পৰে ৰঙা প্লেজাৰ স্কুটিখন। দুৰ্ঘটনাটটোত ঘটনাস্থলীতে নিহত স্কুতি খনৰ চালক OC বিৰিঞ্চি দাসৰ।
তাতোকৈ শোকৰ ঘটনা যে, মাতৃৰ বিয়োগৰ বাবে এমাহৰ ছুটিত আছিল OC বিৰিঞ্চি দাস। কিন্তু মাতৃৰ বিয়োগৰ পাছতে এতিয়া পুত্ৰৰো বিয়োগ।
জানিব পৰা মতে, কালি নিশাৰ দুৰ্ঘটনাটোত নিয়ন্ত্ৰণ হেৰুৱাইপ্ৰথমে স্কুটি চালক বিৰিঞ্চি দাসক খুন্দা মাৰে, তাৰ পাছত ড্ৰিভাইডাৰত খুন্দা মাৰে। ছুইফ্ট বাহনখনৰ নম্বৰ AS 01AY 9101, ঘটনা সংঘটিত কৰিয়ে ঘটনা স্থলীৰ পৰা পলায়ন কৰে ছুইফ্ট বাহন খনৰ চালক।
উল্লেখ্য যে, ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া আছিল মৃত বিৰিঞ্চি কুমাৰ দাস। একেখন ঘৰতে মাথো এমাহৰ ব্যৱধানত মাতৃ-পুত্ৰ দুয়োৰে মৃত্যু হোৱাত এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে পৰিয়ালটোত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ