অতিকে শোকাৱহ, দুৰ্ঘটনাত পিতৃ-মাতৃ-ভাতৃ আৰু ককাক নিহত, কেৱল প্ৰাণ ৰক্ষা ৫ বছৰীয়া কন্যাৰ
এক অতিকে শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশ। এক শোকাৱহ দুৰ্ঘটনাত পৰিয়ালৰ সকলো লোককে হেৰুৱালে এটি ৫ বছৰীয়া কন্যা শিশুৱে। দুৰ্ঘটনাটোত পিতৃ-মাতৃৰ লগতে ৮ বছৰীয়া ককায়েক আৰু লগতে ককাকেও প্ৰাণ হেৰুৱায়।
এই দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ খেৰাত। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি মঙলবাৰে মাতৃৰ শেষ কৃত্য কৰি বাইকেৰে উভতি আহি আছিল জী-জোঁৱাই, নাতি-নাতিনী আৰু বিয়ৈ।
কিন্তু বাটতে যেন পৰিয়ালটোৰ বাবে ৰৈ আছিল মৃত্যু। এখন যাত্ৰী ভৰ্তি বাছে প্ৰচণ্জ জোৰে খুন্দা মাৰে বাইকখনত। লগে লগে বাইকত থকা কনমানি ৫ বছৰীয়া শিৱি চিটিকি পৰে। আনহাতে বাইকত থকা ২৭ বছৰীয়া পত্নী ৰাধা, স্বামী শিৱকুমাৰ (৩০), পুত্ৰ শিৱাংশ (৮), লগতে ককাক ৰামোতাৰ (৬০) গুৰুতৰভাৱে আহত হয়। লগতে এগৰাকী বাটৰুৱাও এই দুৰ্ঘটনাত আহত হয়।
ততাতৈয়াকৈ কেউজনকে হাসপ্তাললৈ নিয়া হয় যদিও চিকিৎসকে বাটৰুৱা জনৰ চিকিৎসা কৰাৰ বিপৰীতে পৰিয়ালটোৰ কেউজনতে মৃত ঘোষণা কৰে। আনহাতে ৫ বছৰীয়া কন্যা শিৱিয়ে চিটিকি পৰাৰ ফলত সামান্য আঘাত পাইছে।
দুৰ্ঘটনাৰ পিছতে এতিয়া ঘাট-মাউৰা হোৱা শিৱিক লৈ গভীৰ শোক প্ৰকাশ কৰিছে সকলোৱে। এটা দুৰ্ঘটনাতে হেৰুৱালে পৰিয়ালৰ সকলো লোককে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ