বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছ-এ সৃষ্টি কৰা বিতৰ্ক এতিয়াও মাৰ যোৱাই নাই৷ দেশৰ একাংশ হিন্দুত্ববাদীক উগ্ৰ কৰি তোলাত ইন্ধন যোগোৱা বুলি ছবিখনৰ বিৰুদ্ধে উঠা অভিযোগ আকৌ এবাৰ প্ৰমাণ হৈছে ৰাজস্থানত৷
উল্লেখ্য যে উত্তৰ প্ৰদেশত ছবিখন চাই ওভতি অহা তিনি যুৱকে উগ্ৰ হিন্দুত্ববাদী ধ্বনি দি অহাৰ সময়তে এগৰাকী মুছলমানে লোকে চুৰিৰে আক্ৰমণ কৰাৰ ঘটনাও সংঘটিত হৈছিল৷
এইবাৰ দ্য কাশ্মীৰ ফাইলছৰ বিৰুদ্ধে মন্তব্য কৰি এক দলিত যুৱকে হিন্দুত্ববাদীৰ ৰোষত পৰাৰ ঘটনা পোহৰলৈ আহিছে৷
লগতে পঢ়ক দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ
ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰ জিলাৰ গৌকলপুৰ গাঁৱত৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গাঁওখনৰ দলিত যুৱক ৰাজেশ কুমাৰ বাঘৱালে যোৱা ১৮ মাৰ্চত দ্য কাশ্মীৰ ফাইলছৰ সন্দৰ্ভত মন্তব্য কৰিছিল৷ উক্ত মন্তব্যত ৰাম আৰু শ্ৰীকৃষ্ণৰ প্ৰতিও আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ তুলি দলিত যুৱকজন হিন্দুত্ববাদী দলৰ ৰোষত পৰে৷
ইয়াৰ পিছতে দলিত যুৱক ৰাজেশে ভগৱানক আৰু অপমান নকৰো বুলি ক্ষমা ভিক্ষা মাগে যদিও উগ্ৰ হিন্দুত্ববাদী যুৱকসকলে ক্ষান্ত নহৈ ৰাজেশক নি আঁঠুকঢ়াই এটা মন্দিৰ মজিয়াত সাত বাৰকৈ নাক লগাই পুৰাচিত কৰে৷
লগতে পঢ়ক টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ
এই সমগ্ৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে যোৱা মংগলবাৰে স্থানীয় আৰক্ষী থানাত ৰাজেশ কুমাৰে এক অভিযোগ দাখিল কৰে৷
ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সাতগৰাকীকৈ যুৱকক ঘটনাটোৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ হোৱা যুৱককেইগৰাকী হৈছে ক্ৰমে অজয় কুমাৰ শৰ্মা, হেমন্ত, সঞ্জিত কুমাৰ, ৰাম অৱতাৰ, ৰবীন্দ্ৰ, নীতিন জাংগিড় আৰু জয়াৰাম ওৰফে লীলা ৰাম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ