চমৎকাৰেৰে জনতাক মোহাৱদ্ধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টাৰেৰে নিজৰ চৰকাৰক জনতাৰ চৰকাৰ বুলি লম্ফ-জম্ফ কৰি অহা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে নিজৰ দানৱীয় ৰূপটো আকৌ এবাৰ প্ৰমাণ কৰি দিলে৷
জনতাক যিমান পাৰে সিমান ‘মৰম কৰিব’ লাগিব বুলি শিক্ষা দিয়া ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকৰ ওপৰত দমনীয় আচৰণ কৰিছে৷
নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি সময়ে সময়ে আন্দোলন কৰি অহা ৰাজ্যৰ হাজাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে বৃহস্পতিবাৰে কালিহিপাৰাস্থিত সৰ্বশিক্ষা মিছনৰ কাৰ্যালয় ঘেৰাওৰে ‘গুৰু-গৰ্জন’ৰে কঁপাই তোলে৷
লগতে পঢ়ক কিয় অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে ৰাজনীতি ত্যাগ কৰিব?
উল্লেখযোগ্য যে টেট উত্তীৰ্ণ শিক্ষক সমাজে ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদান কৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
ইয়াৰ প্ৰতিবাদতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪০ হাজাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে সেই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়লৈ আহে যদিও বিভিন্ন জিলাত আৰক্ষীয়ে প্ৰতিবাদকাৰী শিক্ষকক গুৱাহাটীলৈ অহাত বাধা প্ৰদান কৰা বুলি বাতৰি পোৱা গৈছে৷
শিক্ষকৰ প্ৰতিবাদত শংকিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰক্ষীৰ হতুৱাই প্ৰতিবাদলৈ অহা প্ৰতিবাদী শিক্ষকসকলক গুৱাহাটীলৈ অহাত বাধা প্ৰদান কৰা বুলি অভিযোগ কৰিছে৷ টেট উত্তীৰ্ণ শিক্ষকৰ ‘গুৰু-গৰ্জন’ কাৰ্যসূচী বিফল কৰাৰ বাবেই এনেদৰে শিক্ষকসকল বিভিন্ন স্থানত ৰখোৱা বুলিও অভিযোগ আহিছে।
লগতে পঢ়ক জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!
আনহাতে, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে পানী নসৰকা নিৰাপত্তা বেহু গঢ়ি তোলে।
ইয়াৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ টেট উত্তীৰ্ণ শিক্ষকে গুৱাহাটীৰ প্ৰতিবাদস্থলীলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰক্ষীৰ বাধাস্বত্বেও হাজাৰ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সৰ্বশিক্ষা মিছনৰ কাৰ্যালয় ঘেৰাও কৰে৷
এই প্ৰতিবাদী টেট উত্তীৰ্ণ শিক্ষকৰ ওপৰত আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাই নহয়, দমনীয় আচৰণ তথা অত্যাচাৰ কৰাৰ বাতৰিও আহিছে৷ শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা টেট উত্তীৰ্ণ শিক্ষকসকলৰ ওপৰত আৰক্ষীয়ে এনে দমনীয় আচৰণ কৰাত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি তেওঁলোকে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে৷
শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে এনেদৰে বৰ্বৰ আচৰণেৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে জনতাক তথা সাধাৰণ লোকক ‘মৰম কৰে’ নেকি বুলিও এতিয়া চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ