দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক অৰিবন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে পুনৰ এবাৰ আক্ৰমণাত্মক হৈছে৷
ইমানেই আক্ৰমণাত্মক হৈছে যে বিজেপিক প্ৰত্যাহ্বান জনাই তেওঁৰ দলে ৰাজনীতি ত্যাগ কৰাৰো হুংকাৰ দিছে৷ এক প্ৰত্যাহ্বান জনাই অৰবিন্দ কেজৰিৱালে কয় যে আম আদমি পাৰ্টিয়ে ৰাজনীতি ত্যাগ কৰিবলৈও সাজু আছে৷
আচলতে দিল্লীৰ পৌৰনিগমৰ নিৰ্বাচনকলৈ এইদৰে আক্ৰমণাত্মক হৈছে আপৰ মুখ্য আহ্বায়ক অৰিবন্দ কেজৰিৱালে৷
লগতে পঢ়ক ‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ
কেজৰিৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে সময় মতে দিল্লীৰ পৌৰনিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰি বিজেপিয়ে সেই নিৰ্বাচনত জয়ী হ’লে আপ-এ ৰাজনীতিয়ে ত্যাগ কৰিব৷
উল্লেখ্য যে মংগলবাৰে কেন্দ্ৰীয় কেবিনেটে উত্তৰ, পূৱ আৰু দক্ষিণ দিল্লীৰ তিনিখন পৌৰ নিগমক একত্ৰিত কৰাৰ এক প্ৰস্তাৱত অনুমোদন জনাইছে৷
ইয়াৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হৈছে৷
লগতে পঢ়ক নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?
‘‘আমি(আপ) ৰাজনীতি ত্যাগ কৰিম যদি তেওঁলোকে MDC নিৰ্বাচন সময়ত অনুষ্ঠিত কৰি জয়ী হ’ব পাৰে৷’’ দিল্লী বিধানসভাৰ বাহিৰত সাংবাদিকক কেজৰিৱালে কয়৷
‘‘বিজেপিয়ে নিজকে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি কয়, কিন্তু এই দলটোৱে এটা সৰু নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ ভয় কৰে৷ মই বিজেপিক সময়ত এই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰত্যাহ্বান জনাইছো৷’’ কেজৰিৱালে লগতে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ