মেঘঃ– এই ৰাশিৰ জাতক-জাতিকাই অযথা খৰচ পাতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ব্যৱসায় বাণিজ্যত গভীৰ মনোনিৱেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা।
বৃষঃ– দৈনিক কাম-কাজত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি। বিদ্যাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি দিনটো অনামিকা আঙুলিত এটা তামৰ আঙুঠি পিন্ধিব।
মিথুনঃ– আৰ্থিক উন্নতিৰ সুযোগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। চাকৰিয়ালৰ বিভিন্ন ফালৰ সুযোগ আহিব।
SEE MORE: জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!
কৰ্কটঃ– আৰ্থিক ক্ষেত্ৰত ভাল ফল নাপাব, ব্যৱসায়ত কিছু কিছু সমস্যা মনলৈ অশান্তি আনিব পাৰে, টকা-পইচা আহিলেও সঞ্চয় নহ’ব।
সিংহঃ– দিনটোত মাজে সময়ে আপুনি মানসিকভাৱে উত্তেজিত হৈ থাকিব, দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবোৰৰ সমাধান হ’ব পাৰে।
কন্যাঃ– বিদ্যাৰ্থীৰ মধ্যম। আজি গা ধোৱাৰ পিছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা খাই লব। যাত্ৰা শুভ। প্ৰেমত মধ্যম।
তুলাঃ– জাতক-জাতিকাসকলে শৰীৰকলৈ সাৱধান থাকিব। কোনো পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি অমনোযোগ দেখা দিব।
বৃশ্চিকঃ– ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ নহয়। কৰ্মক্ষেত্ৰত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্ৰগতি লাভ কৰিব। দাম্পত্যত শান্তি থাকিলেও স্বামী-স্ত্ৰীৰ স্বাস্থ্যকলৈ চিন্তা থাকিব।
ধনুঃ– যান-বাহনৰ পৰা সাৱধানে থাকিব। কৰ্মক্ষেত্ৰত বাধা। সন্তানৰ প্ৰতি নজৰ ৰাখিব। বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপাব।
মকৰঃ– শাৰীৰিক সমস্যাত ভুগিব পাৰে। আৰ্থিক উপাৰ্জনত সমস্যা থাকিলেও শেষৰ ফালে উন্নতি অব্যাহত থাকিব। বিজ্ঞান বিভাগীয় উচ্চ বিদ্যাৰ্থীৰ বাবে কষ্ট কৰিব লাগিব।
কুম্ভঃ– বিদ্যাৰ্থীৰ সাফল্যৰ যোগ থাকিলেও বন্ধু-বান্ধৱীৰ পৰা সতৰ্ক থাকিব। ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত বাধা।
মীনঃ– শৰীৰ ভাল দেখা নাযায়। দিনটোত কামৰ ব্যস্ততা বাঢ়িব।
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ