• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশেষভাৱে উপকৃত হ’ব অসম, খনিজ সম্পদৰ ওপৰত ৰয়েলটি আদায়ৰ অধিকাৰ কেৱল ৰাজ্যৰঃ উচ্চতম ন্যায়ালয়

বিশেষভাৱে উপকৃত হ’ব অসম, খনিজ সম্পদৰ ওপৰত ৰয়েলটি আদায়ৰ অধিকাৰ কেৱল ৰাজ্যৰঃ উচ্চতম ন্যায়ালয়

2 years ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

27 minutes ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

46 minutes ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

1 hour ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

1 hour ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

2 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

2 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

3 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

5 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

5 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

6 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিশেষভাৱে উপকৃত হ’ব অসম, খনিজ সম্পদৰ ওপৰত ৰয়েলটি আদায়ৰ অধিকাৰ কেৱল ৰাজ্যৰঃ উচ্চতম ন্যায়ালয়

বিশেষভাৱে উপকৃত হ’ব অসম, খনিজ সম্পদৰ ওপৰত ৰয়েলটি আদায়ৰ অধিকাৰ কেৱল ৰাজ্যৰঃ উচ্চতম ন্যায়ালয়

editor by editor
July 25, 2024
in অসম, বাণিজ্য, ভাৰত
0
বিশেষভাৱে উপকৃত হ’ব অসম, খনিজ সম্পদৰ ওপৰত ৰয়েলটি আদায়ৰ অধিকাৰ কেৱল ৰাজ্যৰঃ উচ্চতম ন্যায়ালয়
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কয়লা, লৌহ আকৰিকসহ যাৱতীয় খনিজ সম্পদৰ পৰা ৰয়েলটিৰ বাবদ এতিয়াৰে পৰা আয় হ’ব ৰাজ্যসমূহৰ৷ বৃহস্পতিবাৰে দেশৰ শীৰ্ষ আদালতে দিছে বিশেষ ৰায়৷ বিগত সময়ছোৱাত কেৱল কেন্দ্ৰীয় চৰকাৰে এককভাৱে এই ৰয়েলটি আদায় কৰিছিল৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূ়ড়ৰ নেতৃত্বাধীন বেঞ্চে দিছে এই ৰায়৷

১৯৮৯ চনৰ শীৰ্ষ আদালতৰ ৰায় খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ ৯ জন ন্যায়াধীশৰ বেঞ্চে জনোৱা অনুসৰি এই সংক্ৰান্তিয় সিদ্ধান্ত ল’ব এতিয়াৰে পৰা সংশ্লিষ্ট ৰাজ্যসমূহে৷ উচ্চতম ন্যায়ালয়ে দিয়া ৰায় অনুসৰি, ৰয়েলটিৰ সৈতে কৰৰ কোনো সম্পৰ্ক নাই৷ ৯জনীয়া বিচাৰপীঠৰ মাজত এজন বিভি নাগৰত্নাৰ বাদে অইন ৮গৰাকী ন্যায়াধীশে এই ৰায়ত একমত হৈছে৷

এই ৰায়ৰ ফলত উপকৃত হ’ব ঝাৰখণ্ড, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, অসম, ছত্তিশগড়, মধ্যপ্ৰদেশ৷ খনিজৰ ওপৰত ৰাজ্য চৰকাৰসমূহে ছেচ বহোওৱাৰ বিৰোধিতাৰে দেশৰ শীৰ্ষ আদালতৰ কাষ চাপিছিল কেন্দ্ৰীয় চৰকাৰ আৰু খনিজ কোম্পানীৰ মালিক৷ শীৰ্ষ আদালতে এই সন্দৰ্ভত দিয়া ৰায়ত স্পষ্টকৈ উল্লেখ কৰি কয়, ‘খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ আইনে কৰ সংগ্ৰহৰ বাবে ৰাজ্যসমূহৰ ক্ষমতাক সীমাবদ্ধ কৰা নাই৷ খনিজ আৰু খনিৰ মাটিৰ ওপৰত কৰ আদায়ৰ সম্পূৰ্ণ অধিকাৰ ৰাজ্যসমূহৰ আছে৷’

শীৰ্ষ আদালতৰ ৮জন ন্যায়াধীশৰ মত, ‘সংবিধানৰ দ্বিতীয়  তালিকাত ৫০ নম্বৰ এণ্ট্ৰী আনুসৰি খনিজ সম্পদ সম্পৰ্কীয় কোনো সিদ্ধান্ত সংসদে ল’ব নোৱাৰে৷’ একমাত্ৰ ন্যায়াধীশ বিভি নাগৰত্নাই নিজৰ ৰায়ত কয়, ‘একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰেই দেশৰ খনিজৰ ওপৰত কৰ বহুওৱাৰ একচেটিয়া অধিকাৰ আছে৷’ তেওঁৰ মতে ৰাজ্যসমূহক যদি খনিজ ওপৰত ৰয়েলটি বা অতিৰিক্ত শুল্ক আৰোপৰ অধিকাৰ দিয়া হয় তেন্তে অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ৰাজ্যসমূহৰ আইন প্ৰণয়নৰ ক্ষমতাৰ প্ৰভাৱ লৈ বিভ্ৰান্তি তৈয়াৰৰ সম্ভাৱনা আছে৷

খনিজ সম্পদৰ ওপৰত ৰয়েলটি বহুওনা আৰু তাৰপৰা উপাৰ্জিত অৰ্থৰ ভাগবটোৱাৰাক লৈ দীৰ্ঘ বছৰ ধৰি বিবাদ আছে কেন্দ্ৰৰ সৈতে ৰাজ্যসমূহৰ৷ ৰয়েলটি খাতৰ আদায়কৃত অৰ্থ ৰাজ্যসমূহৰ সৈতে ভাগ নকৰে কেন্দ্ৰই৷ সম্পূৰ্ণ অৰ্থই খৰচ কৰাৰ অধিকাৰ কেৱল কেন্দ্ৰৰ হাতত থাকে৷ একাধিক ৰাজ্যচৰকাৰে দীৰ্ঘ সময় ধৰি দাবী কৰি আহিছে যে খনিজ সম্পদৰ ওপৰত ৰয়েলটিৰ বাবদ আয়ৰ অংশ দিয়া হওক ৰাজ্যসমূহক অথবা ৰাজ্যসমূহক ৰয়েলটি নিৰ্ধাৰণৰ অধিকাৰ দিয়া হওক যাতে খনিৰ ওপৰত ৰাজ্যসমূহে মালিকানা বলবৎ কৰিব পাৰে৷ কিন্তু চৰকাৰ নিৰ্বিশেষ কেন্দ্ৰ ৰাজি নাছিল এই অধিকাৰ ৰাজ্যক দিবৰ বাবে৷

বৃহস্পতিবাৰে শীৰ্ষ আদালতৰ ৮জন ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ এই সংক্ৰান্তীয় পুৰণি ৰায়সমূহ খাৰিজ কৰি ৰাজ্যসমূহক অধিকাৰ প্ৰতিষ্ঠাৰ পক্ষে ৰায় দিছে৷ ইয়াৰফলত ৰাজ্য চৰকাৰসমূহৰ ৰাজস্ব বাবদ বিপুল অৰ্থ উপাৰ্জনৰ পথ মুকলি হৈছে৷ শীৰ্ষ আদালতৰ আভাস, ইমানদিনে কেন্দ্ৰই ৰয়েলটিৰ বাবদ যি অৰ্থ উপাৰ্জন কৰিছে তাৰ ভাগ ৰাজ্যসমূহক দিব লাগিবনে সেই বিষয়ে আগন্তুক বুধবাৰে অৰ্থাৎ ৩১ জুলাইত ৰায়ৰ বাকী অংশৰ শুনানি দিব উচ্চতম ন্যায়ালয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
শাওনত ৰাশি মানি কৰক শিৱৰ অভিষেক, পূৰ্ণ হ’ব মনোকামনা, স্বাস্থ্য, শিক্ষা সকলো উন্নত হ’ব

শাওনত ৰাশি মানি কৰক শিৱৰ অভিষেক, পূৰ্ণ হ’ব মনোকামনা, স্বাস্থ্য, শিক্ষা সকলো উন্নত হ’ব

ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.