বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ
দিল্লীত নতুন চৰকাৰ গঠন হোৱাৰ পাছতে দিল্লী বাসীলৈ এটাৰ পাছত এটাকৈ সুখবৰ আহি আছে। মহিলা আৰু বয়োজ্যেষ্ঠ সকললৈ মাহে ২৫০০ টকা দিয়াৰ কথা কোৱাৰ পাছতে এইবাৰ ৰন্ধন গেছৰ সন্দৰ্ভত দিছে আন এক সুখবৰয
নতুন চৰকাৰ গঠন হোৱাৰ পাছত বৃহস্পতিবাৰে নিশাও প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এতিয়া বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত চৰকাৰত আলোচনা আৰম্ভ হৈছে।
মাহে ২৫০০ টকাৰ পাছত এইবাৰ হোলী আৰু দীপাৱলীৰ সময়ত দিল্লীবাসীক বিনামূলীয়া চিলিণ্ডাৰ দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে।
কেবিনেট মন্ত্ৰী ছিৰছাই কয় যে অহা দুদিনত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ উপৰিও বছৰৰ আন ১০টা চিলিণ্ডাৰ ৫০০ টকাৰ মূল্যত উপলব্ধ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
নতুন চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে নিজৰ অগ্ৰাধিকাৰ সিদ্ধান্ত লয়। আগন্তুক ৩০ দিনত দিল্লীৰ এক লাখ লোকক আয়ুষ্মান ভাৰত আঁচনিৰ সৈতে সংযোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ ভিতৰত ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলো অন্তৰ্ভুক্ত।
ইায়াৰ বাহিৰে সচিবালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, পৌৰ নিগম আৰু ৰাজ্য চৰকাৰৰ ডিচপেনচাৰী উন্নীতকৰণ কৰি আয়ুষ্মান আৰোগ্য মন্দিৰ-পিএইচচিলৈ ৰূপান্তৰিত কৰা হ’ব। প্ৰথম ৩০ দিনত ১১খন ঔষধৰ দোকান খোলাৰ লক্ষ্য।
দিল্লীত মুঠ ১১৩৯ টা নগৰীয়া আয়ুষমান আৰোগ্য মন্দিৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে। বৰ্তমান ৫৫৩খন মহল্লা ক্লিনিক আছে, যিবোৰ উন্নীতকৰণ কৰা হ’ব আৰু বাকী ৪১৩খন নতুন নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হ’ব বুলি সদৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















