ৰুদ্ৰাক্ষ, হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰত অত্যন্ত পবিত্ৰ উপাদান হিচাপে পৰিচিত৷ মূলত Elaeocarpus ganitrus গছৰ বীজ৷ প্ৰাচীন শাস্ত্ৰ অনুসৰি ৰুদ্ৰাক্ষ ভগৱান শিৱৰ অশ্ৰুৰ পৰা উৎপন্ন সেয়ে ইয়াৰ সৈতে আধ্যাত্মিক শক্তিৰ গভীৰ সম্পৰ্ক আছে৷ বিভিন্ন সমস্যাৰ পৰা বাচিবলৈ ৰুদ্ৰাক্ষ ব্যৱহাৰ কৰা হয়৷ প্ৰচলিত বিশ্বাস, নিয়মিত ৰুদ্ৰাক্ষৰ ব্যৱহাৰে মূলত মানুহৰ তিনিটা বিষয়ক প্ৰভাৱিত কৰে৷ সেইকেইটা হৈছে আধ্যাত্মিক চিন্তাশক্তি, মানসিক আৰু শাৰীৰিক স্বাস্থ্য৷
আধ্যাত্মিক চিন্তাশক্তিৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়?
প্ৰচলিত বিশ্বাস, ৰুদ্ৰাক্ষই মানুহৰ মনক শান্ত আৰু স্থিৰ ৰখাত সহায় কৰে৷ বহু সাধক, যোগীয়ে জপ আৰু ধ্যানৰ সময়ত ৰুদ্ৰাক্ষ ব্যৱহাৰ কৰে৷ ই মানুহৰ মনৰ অস্থিৰতা কমাই গভীৰ মনোযোগত সহায় কৰে বুলি বিশ্বাস৷ গৱেষণাত দেখা গৈছে ৰুদ্ৰাক্ষই মস্তিষ্কক এনে এক ষ্টেটলৈ লৈ যোৱাত সহায় কৰে যি মানসিক শান্তি আৰু একাগ্ৰতাৰ বাবে গুৰুত্বপূৰ্ণ৷ যিয়ে ব্যক্তিৰ অন্তৰ্দৃষ্টি খুলি দিয়ে৷ আত্মিক উন্নতিৰ পথ উন্নত কৰে৷
মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ
মানসিক স্বাস্থ্যৰ ওপৰত ৰুদ্ৰাক্ষৰ উল্লেখযোগ্য প্ৰভাৱ আছে৷ ই ষ্ট্ৰেছ, উদ্বেগ আৰু মানসিক চাপ কমোৱাত সহায় কৰে৷ বহু ক্ষেত্ৰত ই স্নায়ুতন্ত্ৰক স্থিতিশীল ৰাখিবলৈ, শৰীৰক বিবুষ্ট কৰাত সহায় কৰে৷ ফলত ব্যক্তি বেছি স্থিৰ, আত্মবিশ্বাসী আৰু ইতিবাচক মনোভাৱেৰে জীৱনযাপন কৰাত সহায় কৰে৷
শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱ
শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰতো ৰুদ্ৰাক্ষ উপকাৰী বুলি ধাৰণা কৰা হয়৷ বিভিন্ন গৱেষণাত উল্লেখ কৰা আছে যে ৰুদ্ৰাক্ষৰ বৈদ্যুতিক আৰু চৌম্বকীয় গুণ আছে যিয়ে শৰীৰৰ বায়ো ইলেকট্ৰিক ভাৰসান্য বজায় ৰখাত সহায় কৰে৷ ই হৃদস্পন্দন নিয়ন্ত্ৰণ, ৰক্তচাপ স্থিতিশীল ৰখা আৰু শৰীৰৰ শক্তিৰ প্ৰবাহ ঠিকে ৰখাত সহায়ক হব পাৰে৷ আয়ুৰ্বেদতো ৰুদ্ৰাক্ষক নিৰায়মকাৰী উপাদান হিচাপে ব্যৱহাৰ কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















