অসম লাইভ ২৪ঃ বিধায়ক পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। বিধানসভাৰ অধ্যক্ষক দিলে পদত্যাগ পত্ৰ। সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী। পূৰ্বেও কুৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈছিল। ছোনীয়া গান্ধীলৈও প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। কংগ্ৰেছৰ শীৰ্ষ নেতত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰে ৰূপজ্যোতি কুৰ্মীয়ে। সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘কংগ্ৰেছৰ যুৱচামক আগুৱাই নিয়াৰ মানসিকতা নাই। একাংশ নেতাক ডাঙৰ ডাঙৰ পদবীবোৰ লাগে। ডেকাচামকো যে এটা সুযোগ দিব লাগে সেই কথা কংগ্ৰেছ দলে বুজিবই চেষ্টা নকৰিলে। কংগ্ৰেছে ডেকাচামক নিবিচাৰে। যাৰ বাবে মই এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো’। ইফালে ৰূপজ্যোতি কুৰ্মীৰ এই সিদ্ধান্ত পাছতে কংগ্ৰেছে বহিষ্কাৰ কৰে কুৰ্মীক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক বিবৃতিযোগে ঘোষণা কৰে এই কথা। ৰূপজ্যোতিৰ পাছতে আন দুগৰাকী কংগ্ৰেছী বিধায়কেও দল ত্যাগ কৰিব বুলি চৰ্চা আৰম্ভ হৈছে। কম দিনৰ ভিতৰতে এই দুগৰাকী বিধায়কে দল ত্যাগৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ